28.1 C
New Delhi
Saturday, May 9, 2026
spot_img
Homeসম্পাদকীয়সময়ে কথা কয়

সময়ে কথা কয়

কবিতাৰ শিৰোনাম:- সময়ে কথা কয়

          —শিল্পী দাস(প্ৰিয়)
ৰাণীপুখুৰী, ভালুকমাৰী (হোজাই)
      ৰচনাকাল:-০৬-০২-২০২৬

চিকিৎসকে যেতিয়া স্পষ্টতাৰে ব্যক্ত কৰে—
অলপ আগত আনিলে
জীয়াই থাকিলে হয়,
তেতিয়া সময়ে কথা কয়।

ৰে’লখন যেতিয়া দৌৰি দৌৰিও
যাত্ৰীজনে ধৰিব নোৱাৰে,
হৃদয়ৰ ভাষাত
তেতিয়া সময়ে কথা কয়।

কাঁইটীয়া বাটৰ মানসিক স্তৰ
জোখত প্ৰখৰ
বুদ্ধিৰে নহয় পাৰ,
তেতিয়া সময়ে কথা কয়।

অতীতে সহজলভ্য ভৱা
ভৱিষ্যৎ যেতিয়া কঠিনত্ব অংগ
ভঙা হিয়াৰ দুৱাৰত
তেতিয়া সময়ে কথা কয়।

অহংকাৰ আৱেদনকাৰী
পৰিস্থিতিৰ শিকাৰ হৈ
উপলব্ধি কৰা আত্মাত
তেতিয়া সময়ে কথা কয়।

অপমান-অৱহেলাৰ বিপৰীতে
ধৈৰ্য সহকাৰে নীৰৱে-নিস্তব্ধে
যেতিয়া স্বাৱলম্বীত জয় কৰে
তেতিয়া সময়ে কথা কয়।

প্ৰতিক্ষণে-প্ৰতিদিনে
জীৱনে-মৰণে
সুখ-দুখৰ হিচাপত
তেতিয়া সময়ে কথা কয়।

   ******
RELATED ARTICLES
Lucknow
haze
25 ° C
25 °
25 °
73 %
4.1kmh
20 %
Sat
37 °
Sun
39 °
Mon
41 °
Tue
43 °
Wed
41 °

Most Popular