29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমসুদূৰ নেপালৰ পৰা আহি শিৱসাগৰবাসীৰ আপোন হৈ পৰা ‘কাঞ্চা দা’ৰ আদ্যশ্ৰাদ্ধ সম্পন্নঃচকুৰ...

সুদূৰ নেপালৰ পৰা আহি শিৱসাগৰবাসীৰ আপোন হৈ পৰা ‘কাঞ্চা দা’ৰ আদ্যশ্ৰাদ্ধ সম্পন্নঃচকুৰ পানীৰে সোঁৱৰিলে ৰাইজে

সুদূৰ নেপালৰ পৰা আহি শিৱসাগৰবাসীৰ আপোন হৈ পৰা ‘কাঞ্চা দা’ৰ আদ্যশ্ৰাদ্ধ সম্পন্নঃচকুৰ পানীৰে সোঁৱৰিলে ৰাইজে

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৪ মেঃতেজৰ সম্পৰ্ক নাছিল, নাছিল কোনো পাৰিবাৰিক তেজৰ টান। তথাপিও কেৱল নিঃস্বাৰ্থ মৰম আৰু সৰলতাৰে সমগ্ৰ শিৱসাগৰ চহৰবাসীক একতাৰ ডোলৰে বান্ধি থৈ যোৱা কাঞ্চা দা ওৰফে সুদর্শন চেত্ৰীৰ আজি আদ্যশ্ৰাদ্ধ সম্পন্ন হয়। জন্মসূত্ৰে সুদূৰ নেপালৰ হ’লেও, কৰ্মসূত্ৰে আৰু অন্তৰেৰে এগৰাকী খাঁটি শিৱসাগৰীয়া হৈ পৰা এইগৰাকী মৰমৰ ব্যক্তিৰ আদ্যশ্ৰাদ্ধৰ সম্পূৰ্ণ দায়িত্ব লৈ আজি এক অনন্য মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰীয়া ৰাইজে।​উল্লেখ্য যে, শৈশৱতে নেপালৰ পৰা শিৱসাগৰলৈ অহা সুদর্শন চেত্ৰীয়ে চহৰখনৰ ঐতিহ্যমণ্ডিত নাট্য মন্দিৰৰ সন্মুখত সৰুকৈ এখন তামোল-পাণৰ দোকান দি জীৱিকা নিৰ্বাহ কৰিছিল। কাঞ্চা দা নামেৰে সকলোৰে মাজত পৰিচিত এইগৰাকী ব্যক্তি কোনো চেলিব্ৰেটী নাছিল, কিন্তু তেওঁৰ আছিল এক বহল অন্তৰ। নিজৰ অমায়িক ব্যৱহাৰ আৰু অপূৰ্ব আপোনত্বৰে তেওঁ চহৰখনৰ প্ৰতিজন আবাল-বৃদ্ধ-বনিতাক আপোন কৰি লৈছিল। দীৰ্ঘদিন ধৰি নাট্য মন্দিৰৰ সন্মুখৰ পৰিৱেশটোৰ তেওঁ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল।​যোৱা ১৫ মে’ত এইগৰাকী চিৰকুমাৰ, সৰলমনা ব্যক্তিৰ দেহাৱসান ঘটিছিল।কোনো ধৰণৰ পাৰিবাৰিক তেজৰ সম্পৰ্কীয় লোক কাষত নাথাকিলেও, কাঞ্চা দাৰ বিয়োগত সমগ্ৰ শিৱসাগৰবাসী শোকস্তব্ধ হৈ পৰিছিল। আজি তেখেতৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা শিৱসাগৰীয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে একত্ৰিত হৈ পৰিয়ালৰ ভূমিকা পালন কৰে আৰু ধৰ্মীয় নীতি-নিয়ম অনুসৰি আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী সম্পন্ন কৰে।
​শৈশৱৰে পৰা চহৰখনৰ সুখ-দুখৰ সংগী হৈ থকা মৰমৰ কাঞ্চা দাক চকুৰ পানীৰে সোঁৱৰণ কৰে গুণমুগ্ধসকলে। সমাজৰ এইগৰাকী নীৰৱ আৰু মৰমিয়াল ব্যক্তিৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি শিৱসাগৰৰ বিভিন্ন মহলৰ লগতে সচেতন ৰাইজে প্ৰয়াত চেত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular