29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবিশ্ব পৰিৱেশ দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন ফটোগ্রাফী প্রতিযোগিতা

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন ফটোগ্রাফী প্রতিযোগিতা

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন ফটোগ্রাফী প্রতিযোগিতা

শিৱসাগৰ, ২৪ মে’:- কলঞ্চুপৰীয়া কুইজ সমাজ মঞ্চৰ উদ্যোগত ‘বিশ্ব পৰিৱেশ দিৱস’ উপলক্ষে আয়োজন কৰা ফটোগ্রাফী প্রতিযোগিতালৈ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ পৰা একোখনকৈ ফটোগ্রাফ বিচৰা হৈছে। বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে প্রত্যেকখন ফটোগ্রাফৰ সৈতে একোটাকৈ উপযুক্ত caption সংযুক্ত কৰিব লাগিব। পৰিৱেশ সচেতনতা আৰু বন্যপ্ৰাণীৰ প্ৰতি দ্বায়িত্বশীল মনোভাৱ বৰ্তাই ৰাখিবৰ বাবে তেওঁলোকে “জৈৱ বৈচিত্ৰ আৰু বন্যপ্রাণী” এই বিষয়ে প্রতিযোগিতাখন আয়োজন কৰিছে। গতিকে ইচ্ছুক সকলে kalanshupariaquizsociety2024@gmail.com যোগে ইমেইল কৰি নিজৰ নাম আৰু সম্পূর্ণ তথ্য সহিতে অংশগ্রহণ কৰিব পাৰিব। তেওঁলোকে অংশগ্ৰহণৰ মাচুল হিচাপে ৫০ টকা নিৰ্ধাৰণ কৰিছে আৰু অংশগ্ৰহণৰ মাচুল পঠিওৱা প্রমাণ দিব লাগিব বুলি জনাইছে। অংশগ্ৰহণৰ অন্তিম তাৰিখ ১০ জুন। বিজয়ী তিনিজনক আকর্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ লগতে সেই পুৰস্কাৰ সমূহ ডাকযোগে প্ৰেৰণ কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে। অধিক তথ্যৰ বাবে ৮৬৩৮৪৮০৭৯০, ৮৭২১৮০৭২১২,৮৪৭৪৮৯৪৫৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular