29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআঞ্চলিকবিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ দুদিনীয়া কৰ্মশালাৰ সমাপ্ত

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ দুদিনীয়া কৰ্মশালাৰ সমাপ্ত

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ দুদিনীয়া কৰ্মশালাৰ সমাপ্ত।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২২ ফেব্ৰুৱাৰী:

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ ২১ আৰু ২২ ফেব্ৰুৱাৰীত আয়োজিত হোৱা দুদিনীয়া কৰ্মশালা আৰু চিন্তা-মন্থন বৈঠক সফলভাৱে সম্পন্ন হৈ যায় । গুৱাহাটী জু-ৰোডস্থিত অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ সংযোজক বিকাশ শৰ্মাৰ তত্বাৱধানত আয়োজিত এই গুৰুত্বপূৰ্ণ বৈঠকত সংগঠনমূলক দিশ আৰু আধুনিক প্ৰচাৰ কৌশল সন্দৰ্ভত গভীৰ আলোচনা কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, বৈঠকত মাৰ্গদৰ্শন আগবঢ়ায় বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ সংগঠন মন্ত্ৰী ড০ কে এন ৰঘুনন্দন,
বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পবন তিৱাৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক ড০ জগদীন্দ্ৰ ৰায়চোধুৰীয়ে। কৰ্মশালাখন উদ্বোধন কৰি ড০ পবন তিৱাৰীয়ে কয় যে “প্ৰচাৰ বিভাগৰ দায়িত্ব ব্যক্তি-কেন্দ্ৰিক নহয়; ই হৈছে বিচাৰ, আদৰ্শ আৰু সংগঠনমূলক দৃষ্টিভংগীৰ সঠিক আৰু সৃজনশীল প্ৰসাৰ। সমাজত ইতিবাচক নেৰেটিভ গঢ়ি তোলাটো আমাৰ প্ৰাথমিক কৰ্তব্য। কৰ্মশালাখনত শিশু শিক্ষা সমিতি, উত্তৰ অসম প্ৰান্তৰ বিভাগ প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামী, বিদ্যা ভাৰতী সংবাদৰ সম্পাদিকা গায়ত্ৰী গোস্বামী, উত্তৰ অসম প্ৰান্ত চচিয়েল মিডিয়া প্ৰমুখ সঞ্জীৱ ডেকা , মেঘালয় প্ৰান্তৰ প্ৰচাৰ সংযোজক বিবেক তিৱাৰী , দক্ষিণ অসম প্ৰান্তৰ প্ৰচাৰ সংযোজক কুনলজিৎ দেৱ প্ৰমুখ্যে উত্তৰ-পূব ক্ষেত্ৰৰ মুঠ ১৮ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। দুদিনীয়া এই কৰ্মশালাত প্ৰচাৰ বিভাগৰ বাবে আৱশ্যকীয় ডিজিটেল উপকৰণৰ ব্যৱহাৰ, নতুন যোজনা প্ৰস্তুতকৰণ, কন্টেন্ট ডেভেলপমেন্ট, সামাজিক মাধ্যম ব্যৱস্থাপনা আৰু সংগঠনৰ ইতিবাচক নেৰেটিভ গঢ়ি তোলাৰ কৌশল সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। কৰ্মশালাৰ অন্তত অংশগ্ৰহণকাৰীসকলে আগন্তুক সময়ত সংগঠনৰ আদৰ্শ আৰু কার্যসূচীক সমাজৰ মাজত অধিক সুসংগঠিত আৰু সৃজনশীলভাৱে উপস্থাপন কৰাৰ সংকল্প গ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular