39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeআঞ্চলিকবৰক্ষেত্ৰীৰ ৰামপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি, শিশু উদ্যানৰ আধাৰশিলা স্থাপন

বৰক্ষেত্ৰীৰ ৰামপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি, শিশু উদ্যানৰ আধাৰশিলা স্থাপন

বৰক্ষেত্ৰীৰ ৰামপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি, শিশু উদ্যানৰ আধাৰশিলা স্থাপন ৷

শিশুসকলৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনেই চৰকাৰৰ লক্ষ্যঃ -নাৰায়ন ডেকা

মুকালমুৱাৰ পৰা সুৰজিত পাঠক, ২৩ ফেব্ৰুৱাৰী
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰ গাঁৱত আজি আদৰ্শ অংগবাড়ী কেন্দ্ৰ এটা মুকলি কৰা হয় ৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ ৫৭নং দৌলাশাল-ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ গাঁৱত থকা ৭৩নং অংগনবাড়ী কেন্দ্ৰটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা কেন্দ্ৰটোৰ নতুন গৃহটি আজি মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানকভাবে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকাই ৷ কেন্দ্ৰটো মুকলিৰ পাছতেই ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমনী নাথৰ সভাপতিত্বত অনুষ্ঠিত এখন জনসভাত নাৰায়ন ডেকাই ভাষণ প্ৰদান কৰি কয় যে — ৰাজ্যখনৰ শিশুসকলৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি আহিছে ৷ ভাষণ প্ৰসংগত নাৰায়ন ডেকাই পুনৰ কয়- “কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত দোকানৰ সামগ্ৰী বিক্ৰীৰ দৰে অংগনবাড়ীৰ চাকৰি বিক্ৰী হৈছিল । সম্প্ৰতি যোগ্যতাৰ ভিত্তিতহে অংগনবাড়ীৰ চাকৰি লাভ কৰে ৷” অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰাৰ পাছতেই একেটা স্থানতে শিশু উদ্যান এখনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ পঞ্চদশ বিত্তীয় আয়োগৰ ৪,১৭,০০০ টকাৰে নিৰ্মাণ কৰিবলৈ ওলোৱা শিশু উদ্যান নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা চিমি বৰ্মনে ৷ দুয়োটা অনুষ্ঠানতে উপস্থিত থাকে শিক্ষাবিদ তথা ৰামপুৰস্থিত জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক উদয় বৰ্মন, ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি ৰাজু ডেকা, বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰমোদ গোস্বামী, চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰ, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কলিতা, বিজেপি নেতা যুগল গোস্বামী, ৫৭নং দৌলাশাল-ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশামনি মেধি, ৫৭নং দৌলাশাল-ৰামপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কামেশ্বৰ নাথ, স্থানীয় ৱাৰ্ড সদস্যা তথা স্থানীয় পঞ্চায়তৰ উপ সভানেত্ৰী নমিতা গোস্বামী, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উপ-সভানেত্ৰী ববিতা বৈশ্যকে ধৰি অঞ্চলৰ শতাধিক পুৰুষ-মহিলা ৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular