31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeআঞ্চলিকতৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰিজ'নিয়াৰ উদ্যোগত আশা সামৰ্থ্য বিকাশ প্ৰশিক্ষণ...

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰিজ’নিয়াৰ উদ্যোগত আশা সামৰ্থ্য বিকাশ প্ৰশিক্ষণ সম্পন্ন

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰিজ’নিয়াৰ উদ্যোগত আশা সামৰ্থ্য বিকাশ প্ৰশিক্ষণ সম্পন্ন

গুৱাহাটী, পিত্রন চি ,২৩ফেব্ৰুৱাৰীঃ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে ৰিজ’নিয়া লিমিটেডৰ উদ্যোগত অলপতে সৰুপেটাৰ নিত্যানন্দ ব্লকৰ অধীনত বিদ্যামন্দিৰ হাইস্কুলত আৰোগ্য বন্ধু পদক্ষেপৰ অংশহিচাপে আশা সামৰ্থ্য বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত  হয়। আশাকৰ্মীসকলৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে আৰোগ্য বন্ধু ভ্ৰাম্যমাণ চিকিৎসা গোট প্ৰকল্পৰ অধীনত চলি থকা কাম-কাজৰ অংশ হিচাপে তৃণমূল পৰ্যায়ত অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা অধিক সবলীকৰণৰ উদ্দেশ্যে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটাৰ জিলা স্বাস্থ্য সমিতি আৰু দ্য হান্স ফাউণ্ডেশ্যনে এই কাৰ্য্যসূচীত পূৰ্ণ সহযোগ আগবঢ়াই। ইয়াৰ পূৰ্বে দুৰ্গম আৰু অভাৱগ্ৰস্ত গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ মাজত  গুণগত স্বাস্থ্যসেৱা কাষ চপাই অনাৰ লক্ষ্যৰে ভৱানীপুৰত আৰোগ্য বন্ধু মোবাইল মেডিকেল গোট আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল । সম্পূৰ্ণ সুসজ্জিত চিকিৎসা বাহনখনে এতিয়া গ্ৰাম্য জনসাধাৰণৰ ঘৰে ঘৰে গৈ পোনপটীয়াকৈ বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ, মৌলিক চিকিৎসা সেৱা আৰু অত্যাৱশ্যকীয় ঔষধ প্ৰদান কৰি আহিছে। বিনামূলীয়া চিকিৎসা সেৱাৰ এই কাৰ্য্যসূচী সমূহত সমাজৰ জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত  চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীয়ে আশাকৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰিছিল। স্বাস্থ্য পৰীক্ষাৰ এই কাৰ্যসূচী সমূহত মূলত ৰক্তহীনতা প্ৰতিৰোধ, পুষ্টি, যক্ষ্মা, মুখ  আৰু স্তনৰ কৰ্কট ৰোগ, ঋতুস্ৰাৱৰ সমস্যা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষক জৰিত কৰি এই পদক্ষেপৰ লক্ষ্য হৈছে সমাজৰ সকলো স্তৰতে স্বাস্থ্যসেৱা ব্যৱস্থা অধিক  শক্তিশালী কৰি তোলা আৰু গুণগত চিকিৎসা সেৱা সকলোৰে মাজলৈ লৈ  যোৱাটো নিশ্চিত কৰা। আৰোগ্য বন্ধুৱে ক্ৰমাগতভাৱে নিজ লক্ষ্যসমূহত উপনীত হোৱাৰ লগতে জনসাধাৰণৰ মাজত আস্থা গঢ়ি তোলাৰ লগে লগে এই পদক্ষেপে প্ৰকৃত “বন্ধু” হিচাপে আত্ম প্ৰকাশ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular