ত্মাৰ উদ্যোগত ডিব্ৰুগড় জিলাত আন্তঃৰাজ্যিক কৃষকৰ প্ৰশিক্ষণ সফল সমাপ্তি ।
ডিব্ৰুগড় : কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থা চমুকৈ ATMA ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আন্তঃৰাজ্যিক কৃষকৰ প্ৰশিক্ষণ অলপতে অনুষ্ঠিত হৈ যায় । ডিব্ৰুগড় জিলা কৃষি বিষয়া অনুপ পেগুৱে শুভাৰম্ভ কৰা আন্তঃৰাজ্যিক শিবিৰৰ অনুষ্ঠানটো আঁতধৰে খণ্ড প্ৰযুক্তি প্ৰৱন্ধক চূড়ান্ত বিজয় সোনোৱালে । জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় দুই শতাধিক কৃষকে উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । বিশিষ্ট চিকিৎসক, বিজ্ঞানীৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষণত কৃষক সকলক খেতিৰ সমান্তৰালকৈ হাঁহ-কুকুৰা, গাহৰি – ছাগলী আদি পালন কৰি কেনেকৈ নিজকে স্বাৱলম্বী হব পাৰি আৰু ইয়াৰ সমান্তৰালকৈ বেমাৰৰ পৰা কেনেকৈ ৰক্ষা কৰি পাৰি প্ৰাথমিক পৰ্য্যায়ৰ চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাৰ প্ৰথম দল হিচাপে লাহোৱাল আৰু টেঙাখাত খণ্ডৰ খণ্ড প্ৰযুক্তি প্ৰৱন্ধক চূড়ান্ত বিজয় সোনোৱাল আৰু প্ৰভাত প্ৰতিম গগৈৰ নেতৃত্বত লক্ষীমপুৰ জিলাত অৱস্থিত পশু চিকিৎসা মহাবিদ্যালয় লৈ কৃষক সকলৰ উন্নত প্ৰযুক্তিৰ প্ৰশিক্ষণলৈ লৈ যোৱা হয় ।

