40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমএইচ ডি এফ চি বেংকৰ টেক আৰু ডিজিটেল ফেক্টৰী উদ্বোধন মুখ্যমন্ত্ৰীৰ

এইচ ডি এফ চি বেংকৰ টেক আৰু ডিজিটেল ফেক্টৰী উদ্বোধন মুখ্যমন্ত্ৰীৰ

এইচ ডি এফ চি বেংকৰ টেক আৰু ডিজিটেল ফেক্টৰী উদ্বোধন মুখ্যমন্ত্ৰীৰ , এই পদক্ষেপে অসমৰ বিকশিত বিনিয়োগৰ পৰিৱেশ আৰু দক্ষ যুৱ শক্তিৰ সম্ভাৱনীয়তাৰ প্ৰতি আগশাৰীৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ ক্ৰমবৰ্দ্ধমান আস্থাক প্রতিফলিত কৰিছেঃ মুখ্যমন্ত্র

দিছপুৰ, ,পিএন চি ,২৩ ফেব্ৰুৱাৰী: অসম ডিজিটেল বেংকিং ব্যবস্থা অধিক শক্তিশালী কৰাৰ লগতে বিত্তীয় খণ্ডত ভৱিষ্যতৰ বাবে সাজু মানব সম্পদ গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী মহানগীৰ সৰুসজাইত এইচ ডি এফ চি বেংকৰ টেক্ আৰু ডিজিটেল ফেক্টৰী উদ্বোধন কৰে। উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ সময়ত স্বাক্ষৰিত বুজা-বুজিৰ চুক্তিৰ ফলস্বৰূপে এইচ ডি এফ চি বেংক লিমিটেডে এই অত্যাধুনিক সুবিধা স্থাপন কৰিছে। এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে গুৱাহাটীত স্থাপন কৰা এই টেক আৰু ডিজিটেল ফেক্টৰীটো চৰকাৰৰ ‘প্রযুক্তিগতভাৱে দক্ষ আৰু ডিজিটেলভাবে সক্ষম পেছাদাৰী সৃষ্টি কৰি ভবিষ্যতৰ বেংক’ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূর্ণ। তেওঁ কয় যে এই সুবিধাই স্নাতকসকলক উচ্চমানৰ বেংকিং ইন্টার্ণশ্বিপ আৰু উন্নত ডিজিটেল প্রশিক্ষণ প্রদান কৰিব। ইয়াৰ জৰিয়তে দ্রুত গতিত ৰূপান্তৰিত হৈ থকা বেংকিং আৰু বিত্তীয় সেবা ক্ষেত্রত তেওঁলোকে প্রয়োজনীয় অত্যাধুনিক দক্ষতা লাভকৰিব। এই পদক্ষেপে অসমৰ বিকশিত বিনিয়োগৰ পৰিৱেশ আৰু দক্ষ যুৱ শক্তিৰ সম্ভাৱনীয়তাৰ প্ৰতি আগশাৰীৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ ক্ৰমবৰ্দ্ধমান আস্থাক প্রতিফলিত কৰিছে বুলি তেওঁ কয়। এই সুবিধা অসমত স্থাপন কৰাৰ বাবে এইচ ডি এফ চি বেংকক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দেশৰ ভিতৰতে বেংকটোরে স্থাপন কৰা এইটো চতুর্থ কেন্দ্র। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপে যুৱক-যুৱতীসকলৰ মাজত নিয়োগৰ সুবিধা বৃদ্ধি কৰাই নহয়, অসমক উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্র দেশৰ ভিতৰতে ফিনটেক আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত এক উদীয়মান কেন্দ্র হিচাপেও প্রতিষ্ঠা কৰিব। মুখ্যমন্ত্রীয়ে লগতে কয় যে চৰকাৰৰ আৰু উদ্যোগপতিসকলৰ মাজত কৌশলগত সহযোগিতাই অসমৰ অর্থনৈতিক তথা প্রযুক্তিগত বিকাশ আৰু সামগ্রিক উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে ২০২১ ৰ পৰা ২০২৫ চনলৈকে ৰাজ্যখনৰ ৪৫ শতাংশ অর্থনৈতিক বৃদ্ধিৰ তথ্যই এই কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক কাইজাদ এম ভাৰুচা, বালিপাৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক বঞ্জিত বৰঠাকুৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular