30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবিশ্বনাথৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মিলিত হয় বিশ্বনাথৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাস

বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মিলিত হয় বিশ্বনাথৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাস

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মিলিত হয় বিশ্বনাথৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাস। বিশ্বনাথ চাৰিআলি জেষ্ঠ নাগৰিক সন্থাৰ আমন্ত্ৰণ মৰ্মে সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ জেষ্ঠ নাগৰিক সকলৰ সৈতে মত বিনিময় কৰে বিধায়ক গৰাকীয়ে। সন্থাৰ বিশ্বনাথ চাৰিআলিস্থিত কাৰ্যালয়ত আয়োজিত অভিনন্দন অনুষ্ঠানত বিধায়ক পল্লৱলোচন দাসক উষ্ণ আদৰণি জনায় জেষ্ঠ নাগৰিকসলে। আনহাতে এই অনুষ্ঠানতে জেষ্ঠ নাগৰিক সন্থাই ৰাজহুৱা স্বাৰ্থজড়িত বহু কেইটা সমস্যা আৰু বিশ্বনাথৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰয়োজনীয় কেতবোৰ প্ৰকল্প আৰু আঁচনি সন্দৰ্ভত বিধায়কগৰাকীক অৱগত কৰে। বিশ্বনাথৰ উন্নয়ন আৰু বিকাশৰ বাবে জেষ্ঠ নাগৰিক সকলে উত্থাপন কৰা বিষয়বোৰ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে বিষয়সমূহৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular