33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবিশিষ্ট সাংস্কৃতিক কৰ্মী বলোৰাম চুতীয়াাক ‘সমাজ ৰত্ন বঁটা, ২০২৬’ প্ৰদান*

বিশিষ্ট সাংস্কৃতিক কৰ্মী বলোৰাম চুতীয়াাক ‘সমাজ ৰত্ন বঁটা, ২০২৬’ প্ৰদান*

বিশিষ্ট সাংস্কৃতিক কৰ্মী বলোৰাম চুতীয়াাক ‘সমাজ ৰত্ন বঁটা, ২০২৬’ প্ৰদান*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ , ৩ জুনঃ শিৱসাগৰ জিলাৰ বানমুখ দিহিঙ্গীয়া গাঁৱৰ নিৱাসী বিশিষ্ট সমাজসেৱক তথা সাংস্কৃতিক কৰ্মী বলোৰাম চুতীয়াক চলিত বৰ্ষৰ সন্মানীয় “সমাজ ৰত্ন বঁটা, ২০২৬” প্ৰদান কৰা হৈছে। অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চহৰৰ কে.পি.এম. চাৰিআলিত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল মঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটাৰে বিভূষিত কৰা হয়।​অনুষ্ঠানত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সমাজসেৱক চুতীয়া দেৱক ফুলাম গামোচা, স্মাৰক আৰু মানপত্ৰৰে এই সন্মানীয় বঁটা অৰ্পণ কৰে। ​১৯৫৭ চনত জন্মগ্ৰহণ কৰা বলোৰাম চুতীয়াই সুদীৰ্ঘ দিন ধৰি অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। বহিঃৰাজ্যত কৰ্মৰত তথা অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ এজন উচ্চপদস্থ বিষয়া হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা চুতীয়াই চাকৰিসূত্ৰে বহিঃৰাজ্যত আছিল যদিও অসমৰ সমাজ জীৱনৰ সৈতে সদায় নিবিড়ভাৱে জড়িত হৈ আছিল। ​উল্লেখ্য যে, তেওঁৰ এই নিৰৱচ্ছিন্ন সমাজসেৱাৰ স্বীকৃতিস্বৰূপে ইয়াৰ পূৰ্বেও তেওঁক ২০২৪ চনত “কৰ্মজ্যোতি বঁটা” আৰু ২০২৫ চনত “সমাজ সৌৰভ বঁটা”ৰে সন্মানিত কৰা হৈছিল। বৰ্তমান ২০২৬ বৰ্ষত লাভ কৰা এই বিশেষ ‘সমাজ ৰত্ন বঁটা’ই তেওঁৰ কৰ্মৰাজিক পুনৰবাৰ মৰ্যাদা প্ৰদান কৰিলে বুলি মন্তব্য কৰি বানমুখ অঞ্চলৰ বিভিন্ন দল-সংগঠন তথা গুণমুগ্ধসকলে বলোৰাম চুতীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular