ছাত্ৰ- ছাত্ৰীৰ উদাত্ত কন্ঠেৰে মুখৰিত হ’ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সংগ্ৰামী সত্তা।
উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বক্তৃতা প্ৰতিযোগিতা।
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৪ ফেব্ৰুৱাৰী :
উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু ঐতিহ্য সংৰক্ষণ সমিতি অসমৰ সহযোগত স্বাধীনতা সংগ্ৰামী মুকুট বিহীন সম্ৰাট কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি এইবেলি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । দুদিনীয়াকৈ আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অংশ হিচাপে আজি সামৰণিৰ দিনটোত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আতধৰা অনুষ্ঠানৰ আৰম্ভণিতে কৰ্মবীৰ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতাই। ইয়াৰ পাছতেই উপস্থিত সকলোৱে কৰ্মবীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয় পৰিদৰ্শক তপন কলিতাই উদ্বোধন কৰা অনুষ্ঠানত শিল্পী তথা ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পিংকুমণি চৌধুৰীয়ে বৰগীত পৰিবেশন কৰি আপ্লুত কৰে। তপন কলিতাই উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ এই মহান প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে উল্লেখ কৰে যে এইসকল নমস্য ব্যক্তিৰ বিষয়ে আমাৰ নৱ প্ৰজন্মক তথা শিক্ষাৰ্থী সকলক এনেকুৱা ধৰণৰ কাৰ্যসূচীৰে অৱগত কৰিব পাৰিলে শিক্ষাৰ্থী সকল যথেষ্ট উপকৃত হ’ব। তেওঁ ছাত্ৰ ছাত্ৰী সকলক সামাজিক ভাৱে দায়বদ্ধ হ’বলৈ আহ্বান জনায়। পৰিদৰ্শক কলিতাই লগতে উল্লেখ কৰে শিক্ষাৰ্থী সকলে পৰীক্ষাত লাভ কৰা নম্বৰ আৰু ধন-সম্পত্তিয়েই জীৱন নহয়। বৰ্তমান শিক্ষাৰ্থী সকলে সামাজিক মাধ্যমত যথেষ্ট সময় অপচয় কৰাটো তেওঁ গভীৰ ভাৱে আক্ষেপ কৰে। শিক্ষাৰ্থী সকলক শিক্ষাৰ লগতে সামাজিক ভাৱে দায়বদ্ধ হ’বলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উত্তৰ গুৱাহাটীৰ আন এগৰাকী সু-সন্তান প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ সুযোগ্য পুত্ৰ বিশিষ্ট চিকিৎসক তথা শিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰীয়ে উত্তৰ গুৱাহাটীৰ ভুমিত জন্ম গ্ৰহণ কৰা অসমৰ সুযোগ্য সন্তান সমূহৰ চমু আভাস প্ৰদান কৰে। শৈক্ষিক ক্ষেত্ৰকে আদি কৰি সামাজিক , ৰাজনৈতিক আৰু ক্ৰীড়া ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ অৱদান অসমৰ মানচিত্ৰত সদায় জিলিকি থাকিব। বিশিষ্ট চিকিৎসক গৰাকীয়ে শিক্ষাৰ্থী সকলৰ লগত সমস্বৰে কৰ্মবীৰ গৰাকীৰ গীত পৰিৱেশন কৰি অনুষ্ঠান গৰিমা মণ্ডিত কৰি তোলে । প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বক্তৃতা প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পৃথুৰাজ জি গোস্বামী আৰু ৰংমহল হাইস্কুলৰ নাৰ্গিছ বেগমে । প্ৰতিযোগিতা খনত বিচাৰক হিচাপে আছিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড’হুপেশ চৌধুৰী আৰু ৰংমহল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক উৎপল চোধুৰী । ইফালে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি আজি এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।

