31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনলবাৰীত সমষ্টিভিত্তিত মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ...

নলবাৰীত সমষ্টিভিত্তিত মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠান*

নলবাৰীত সমষ্টিভিত্তিত মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠান*

*জিলাখনৰ সৰ্বমুঠ ৫৪৩ সংখ্যক ব্যক্তিগত আৰু ৫২৭ সংখ্যক প্ৰতিষ্ঠানকে ধৰি সৰ্বমুঠ ১০৭০ সংখ্যক ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ আজি বিতৰণ কৰা হয়*

ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন নলবাৰী২৭ফেব্ৰুৱাৰী:

*নলবাৰী সমষ্টিৰ ২১৭ সংখ্যক আবণ্টন পত্ৰ বিতৰণ আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই*

 ৰাজ্যজুৰি আৰু সমষ্টিভিত্তিক খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্রতিষ্ঠানসমূহৰ সুৰক্ষিত ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দিশে ডিজিটেল পট্টা, আবণ্টন/বন্দৱস্তিৰ পত্ৰ আৰু আবণ্টন/বন্দৱস্তিৰ প্ৰস্তাৱ গ্ৰহণ পত্ৰ বিতৰণৰ ধেমাজিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত কেন্দ্ৰীয় শুভাৰম্ভনি অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰী জিলাতো 

সমষ্টিভিত্তিক আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত  নলবাৰী সমষ্টিৰ আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। প্ৰথম ধেমাজিৰ কেন্দ্ৰীয় অনুষ্ঠানৰ দৃশ্যায়ন আৰু তাৰ পাছত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ আৰম্ভনি ভাষণেৰে আৰম্ভ হোৱা  এই অনুষ্ঠানত নিজৰ ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই “আমাৰ মাটি আমাৰ অধিকাৰ” শীৰ্ষক মিছন বসুন্ধৰা ৩.০ ৰ মূল নীতিক দুহাৰি এই ভূমি আবণ্টন পত্ৰ যে কেৱল মাত্ৰ এক দস্তাবেজ নহয়, বৰঞ্চ খিলঞ্জীয়াৰ পৰিচয় ও স্বাভিমান বুলি উল্লেখ কৰে। স্বাধীনোত্তৰ কালৰ এক দীৰ্ঘ অপেক্ষাৰ অন্তত আজি অসমৰ ৰাইজে পাবলৈ সক্ষম হোৱা এই ভূমিৰ অধিকাৰ কিছু চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবেই যাতে হাতৰ পৰা নেহেৰাই তাৰ বাবেও সকলোকে সঁকীয়াই দিয়ে। তেখেতে যিসমূহ প্ৰতিষ্ঠানে এতিয়ালৈ প্ৰিমিয়ম আদায় দিয়া নাই সেই সমূহক উদ্দেশ্য কৰি কয় যে নিজৰ নামৰ ভূমি পঞ্জীয়ন কৰি প্ৰিমিয়াম আদায় নিদিয়ালৈকে ভূমি বন্দবস্তিৰ পত্ৰখন বা আবণ্টনৰ প্ৰস্তাৱ  গ্ৰহণৰ পত্ৰখন আবণ্টনৰ প্ৰমাণপত্ৰ লৈ উন্নীত নহয়। গতিকে নিয়মানুযায়ী কৰিবলগীয়া কামখিনি সময়মতে কৰাত কেতিয়াও এলাহ কৰিব নালাগে বুলি মন্তব্য কৰে।

নলবাৰী সমষ্টিৰ ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰকে ধৰি সৰ্বমুঠ ২১৭ খন পত্ৰ আজি বিতৰণ কৰা হয়। ইয়াৰে ভিতৰত ১০০ খন ব্যক্তিগত আৰু ১১৭ খন পত্ৰ প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছে।

ঠিক সেইদৰে টিহু সমষ্টিৰ ডিজিটেল পট্টা আৰু ভূমি আবণ্টন পত্ৰসমূহ আনুষ্ঠানকভাৱে বিতৰণ কৰে অসম চৰকাৰৰ  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। চামতাৰ ৰূপকোঁৱৰ কলাপৰিষদ প্ৰেক্ষাগৃহত অনুষ্ঠিত টিহু সমষ্টিৰ অনুষ্ঠানত মন্ত্ৰী পাটোৱাৰীয়ে ব্যক্তিগত ৪২৮ খন আৰু প্ৰতিষ্ঠানৰ ১৮৬ খন পত্ৰকে ধৰে মুঠ ৬১৪ খন পত্ৰ আজি বিতৰণ কৰে।

জিলাখনৰ তৃতীয়টো সমষ্টি অৰ্থাৎ বৰক্ষেত্ৰী সমষ্টিৰ ২৩৯ খন ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰনৰ অধ্যক্ষ নাৰায়ন ডেকাই। বৰক্ষেত্ৰী সমষ্টিৰ ১৫ খন ব্যক্তিগত আৰু ২২৪ খন প্ৰতিষ্ঠানৰ আবণ্টন পত্ৰকে ধৰি মুঠ ২৩৯ খন পত্ৰ আজি বিতৰণ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular