32 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআঞ্চলিকমৎস্য উৎপাদনত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱাৰ লক্ষ্য কামৰূপ জিলা মীন বিভাগৰ।

মৎস্য উৎপাদনত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱাৰ লক্ষ্য কামৰূপ জিলা মীন বিভাগৰ।

মৎস্য উৎপাদনত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱাৰ লক্ষ্য কামৰূপ জিলা মীন বিভাগৰ।

দহ গৰাকী মৎস্য পালকক প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত আৰ্থিক অনুদান :

দুৰ্নীতিৰ দৰ্পণ, খৰ্গেশ্বৰ নাথ , আমিনগাঁও, ২৭ ফেব্ৰুৱাৰী:

কামৰূপৰ অব্যৱহৃত বিল-জলাশয়, মৰাসুঁতিত এইবাৰ মৎস্য উৎপাদনৰ বাবে পদক্ষেপ লৈছে কামৰূপ জিলা প্ৰশাসনে। সমান্তৰালকৈ কামৰূপৰ ঐতিহাসিক মঠ-মন্দিৰ সত্ৰ, দৌল-দেৱালয়ৰ ৰাজহুৱা পুখুৰী সমুহত বৈজ্ঞানিক পদ্ধতিৰে মৎস্য উৎপাদন কৰিব মীন বিভাগে।মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত এনেধৰণৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইতিমধ্যে,কামৰূপ জিলাৰ কেইবাটাও ঐতিহাসিক পুখুৰী বাচনি কৰিছে মীন বিভাগে।কামৰূপ জিলাৰ ঐতিহাসিক মা চণ্ডিকা দেৱালয় পুখুৰী, গোপেশ্বৰ দেৱালয় পুখুৰী, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পুখুৰী আদিতো মৎস্য পালন কৰিব কামৰূপ জিলা মীন বিভাগে।উল্লেখ্য আজি গুৱাহাটী বায়’টেক পাৰ্কৰ business incubation centre for fisheries and aquaculture ৰ উদ্যোগত আৰু  প্ৰধানমন্ত্ৰী মৎস্য পালন যোজনাৰ সহযোগত মৎস্য পালক সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে telent search contest cohorh 2.0 শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ইফালে, উক্ত অনুষ্ঠানতে দহ গৰাকী মৎস্য পালকক প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত আৰ্থিক অনুদান আগবঢ়োৱা হয় ।

এই বটাঁ প্ৰদান অনুষ্ঠানৰ  শুভাৰম্ভণি কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।গুৱাহাটী বায়’টেক পাৰ্কৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বুলা চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে নাবাৰ্ডৰ মুখ্য সঞ্চালক লোকেন দাস, প্ৰফেছাৰ প্ৰবোধ বৰা, নাইপাৰ গুৱাহাটীৰ PROF. USN MURTY কৰে ধৰি শতাধিক মৎস্য পালক।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular