39 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰ পৰা বিজেপিৰ আশীৰ্বাদ যাত্রা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ

ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰ পৰা বিজেপিৰ আশীৰ্বাদ যাত্রা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ

ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰ পৰা বিজেপিৰ আশীৰ্বাদ যাত্রা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ

ষ্টাফ ৰিপৰ্টাৰ, বাইহাটা চাৰিআলি ২৮ ফেব্ৰুৱাৰী: স্বাধীনতা সংগ্ৰামৰ বীৰৰ্গাথাৰে বিজৰিত ঐতিহাসিক ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৱিত্ৰ ভূমিৰ পৰা আজি ৰাতিপুৱা ১০ বজাৰ পৰা ভাৰতীয় জনতা পার্টিৰ ‘জন আশীর্বাদ যাত্রা’ৰ শুভাৰম্ভহয়। ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ বিৰোধী গণ সংগ্রামত অংশগ্রহণ কৰি বহুকেইজন স্বাধীনতা সংগ্রামী শ্বহীদ হোৱা পৱিত্ৰ ঢেকিয়াজুলিৰ পৰা এই যাত্ৰা আৰম্ভ হয়। শ্বহীদসকলৰ আত্মবলিদানে ধন্য কৰা এই ঐতিহাসিক স্থানত আৰম্ভ হোৱা এই যাত্রাই অসমৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব। মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি শ্রীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত যাত্ৰা আৰম্ভ হয়। এক বিবৃতি যোগে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্র শ্রী মানস শৰণীয়াই কয় যে এই ‘জন আশীর্বাদ যাত্রা’ কেৱল এটা ৰাজনৈতিক কাৰ্যসূচী নহয়, ই হৈছে জনবিশ্বাস আৰু উন্নয়নৰ প্রতি অঙ্গীকাৰৰ এক প্রচেষ্টা। বিপুল জনসমাগম আৰু অভূতপূর্ব জনস্রোতে অনুষ্ঠানস্থলী মুখৰিত কৰি তোলে। ৰাইজৰ স্বতঃস্ফূর্ত অংশগ্রহণে প্রমাণ কৰে যে বিজেপিৰ উন্নয়নমুখী নীতি আৰু কাৰ্যসূচীৰ প্ৰতি জনতাৰ গভীৰ আস্থা আছে। যাত্ৰাৰ এই আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সামগ্রিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ, উদ্যোগ-সংস্থাপন বৃদ্ধি আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰে। একে সময়তে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ “বিকশিত ভাৰত” আৰু “বিকশিত অসমৰ দৃষ্টিভংগীক সাৰ্থক ৰূপ দিয়াৰ বাবে সকলোকে একেলগে আগবাঢ়িবলৈ আহ্বান জনোৱা হয়। শ্রী মানস শৰণীয়াই লগতে কয় যে ঢেকিয়াজুলিৰ এই ঐতিহাসিক ভূমিত ৰাইজৰ ব্যাপক অংশগ্রহণ আৰু অকুণ্ঠ সমর্থনে স্পষ্ট কৰি তোলে যে বিজেপিৰ নেতৃত্বত এক সুৰক্ষিত, শক্তিশালী আৰু বিকশিত অসম গঢ়াৰ সংকল্পত জনসাধাৰণ দৃঢ়প্রতিজ্ঞ। ‘জন আশীর্বাদ যাত্রা’ই আগন্তুক দিনসমূহত ৰাজ্যজুৰি উন্নয়নৰ বতৰা কঢ়িয়াই নিয়াৰ লগতে জনতাৰ আশীৰ্বাদ আৰু সমর্থন অধিক সুদৃঢ় কৰাৰ এক নতুন অধ্যায় সূচনা কৰিলে। আজিৰ এই যাত্ৰা গুপ্তেশ্বৰ মন্দিৰৰ পৰা বৰছলা, তেজপুৰ, নদুৱাৰ, ৰঙাপাৰা সমৰ্দ্ধিক সাঙুৰি লৈছে। এই যাত্রাই সাহিত্য, সংগীত আৰু নাট্য-সংস্কৃতিৰ পীঠস্থান তেজপুৰক সাঙুৰি লৈছে। তেজপুৰ সাহিত্য, সংস্কৃতি আৰু শিল্পৰ ক্ষেত্ৰত বহু গৰাকী বিশিষ্ট ব্যক্তিৰ জন্মস্থান বা কর্মভূমি। জ্যোতি প্রসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মা, পদ্মনাথ গোহাঁই বৰুৱাৰ কৰ্মভূমি। এইসকল ব্যক্তিয়ে তেজপুৰ তথা সমগ্ৰ অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular