দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ
ষ্টাফ ৰিপ’ৰ্টাৰ; দুৰ্নীতিৰ দৰ্পণ; ২৮ ফেব্ৰুৱাৰী।
বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। তাৰ মাজতে দলগাঁও সমষ্টিৰ টিকেট প্ৰদান কৰাকলৈ দলগাঁও কংগ্ৰেছী শিবিৰত উদ্বেগৰ বাতাৱৰণ সৃষ্টি হৈছে। হাতৰ চিহ্ন নথকাৰ অনিশ্চয়তাই দলগাঁও সমষ্টিৰ কংগ্ৰেছী মহলত নিৰাশাৰ ছবিয়ে যেন আৱৰি ৰাখিছে। কিয়নো, সামাজিক মাধ্যমত সম্প্ৰতি প্ৰচাৰ হৈ থকা বিষয়টো হৈছে যে বিৰোধী মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰাইজৰ দলৰ হাতত দলগাঁও সমষ্টিৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে। বিৰোধী ঐক্য মঞ্চই দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়া বুলি ব্যাপক চৰ্চাৰ পিছতে দলগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই উপলক্ষে যোৱা কেইবাদিন ধৰি সমষ্টিটো চৰ্চা লাভ কৰিছে। আজিও দিনজোৰা কাৰ্য্যসূচীৰে খাৰুপেটীয়াৰ আছাম ক্লাবত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে খাৰুপেটিয়াৰ আকাশ-বতাহ কঁপাই তোলে। ২৬’ ৰ বিধান সভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে ৫১ নং দলগাঁও বিধান সভা সমষ্টি। সমষ্টি নিৰ্ধাৰণৰ পিছত ৩ লাখ ১৫ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। বৰ্তমান এ.আই.ইউ.ডি.এফৰ দখলত থকা সমষ্টিটো পুনৰুদ্ধাৰ কৰিবলৈ কংগ্ৰেছ মহলত উত্তেজনা বৃদ্ধি পাইছে। মজিবুৰ ৰহমানৰ দখলত থকা সমষ্টিখন দখল কৰিবলৈ সম্প্ৰতি তীব্ৰ যুজঁ চলিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। সামাজিক মাধ্যমত দলগাঁও সমষ্টি বিৰোধী ঐক্য মঞ্চই ৰাইজৰ দলক এৰি দিয়া বুলি চৰ্চা লাভৰ পিছতে দলগাঁও কংগ্ৰেছী মহলত আৰম্ভ হৈছে ভূমিকম্প। কেইবাদিন ধৰি কৰি অহা বিভিন্ন ধৰণৰ প্ৰতিবাদৰ উপৰি আজিও অনশনত বহি ‘আমাৰ দাবী মানি লওঁক, দলগাঁও সমষ্টি উদ্ধাৰ কৰক’, ‘দলগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দিবই লাগিব’, ‘দলগাঁও সমষ্টিত ৰাইজৰ দলক দিলে মানি লোৱা নহ’ব’ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। অৱশেষত কিছু কৰ্মীয়ে নিজৰ শিৰ মুণ্ডন কৰি কংগ্ৰেছৰ প্ৰতি থকা প্ৰেম আৰু ত্যাগৰ পৰিচয় ডাঙি ধৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া শেষ ভৰষা হৈ পৰিছে দলগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰেমী সকলৰ বাবে। গৌৰৱ গগৈৰ সিদ্ধান্তৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে দলগাঁও সমষ্টিৰ কংগ্ৰেছী শিবিৰ। আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তুলিকা গগৈ ডাঙৰীয়ানী, দলগাঁও সমষ্টিৰ তিনি বাৰৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, ওৱাহিদা ৰহমানকে আদি কৰি দৰং জিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰেকিব উদ্দিন আহমেদ প্ৰমুখ্যে আইনুল হক ডাঙৰীয়া, জেহিৰুল ইছলাম ডাঙৰীয়া, মোজাম্মিল হক, যুৱ কংগ্ৰেছৰ সভাপতি, সম্পাদক সহিতে জিলা পৰিষদৰ সভাপতি, সম্পাদক আৰু দলগাঁও সমষ্টিৰ অন্যান্য কৰ্মী সকলেও অংশগ্ৰহণ কৰে।

