31.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeঅসমএখন বিকশিত, সুৰক্ষিত অসম গঢ়াৰ সংকল্পৰে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঐতিহ্যমণ্ডিত শ্রীশ্রী গুপ্তেশ্বৰ...

এখন বিকশিত, সুৰক্ষিত অসম গঢ়াৰ সংকল্পৰে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঐতিহ্যমণ্ডিত শ্রীশ্রী গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীয়ে

এখন বিকশিত, সুৰক্ষিত অসম গঢ়াৰ সংকল্পৰে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঐতিহ্যমণ্ডিত শ্রীশ্রী গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীয়ে

অসমক দেশৰ সৰ্বশ্রেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখন নিৰন্তৰ প্ৰচেষ্টাত ব্ৰতী হৈ আহিছে: মুখ্যমন্ত্রী

গুৱাহাটী, পিএন চি ২৮ফেব্ৰুৱাৰী: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শিঙৰীস্থিত ঐতিহ্যমণ্ডিত শ্রীশ্রী গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ এখন বিকশিত, সুৰক্ষিত অসম গঢ়াৰ সংকল্প বাস্তৱায়িত কৰাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ‘জন আশীৰ্বাদ যাত্রা’ৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে , প্রথম পৰ্যায়ৰ এই যাত্ৰা আজিৰে পৰা ৯ মাৰ্চলৈ অব্যাহত থাকিব। আজিৰ দিনটোত বিপুল জনতাৰ উপস্থিতিত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা আৰম্ভ হোৱা এই যাত্রাই বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিক সামৰি লয়। অহা ১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ, ২ মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ৫ মার্চত ধেমাজি, চিচিবৰগাঁও, জোনাই, ৬ মাৰ্চত খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, ৭ মাৰ্চত সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, ৮ মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া আৰু ৯ মাৰ্চত সৰভোগ, বজালী, টিহু, নলবাৰী আৰু ৰঙিয়া সমষ্টি সামৰি প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ অন্ত পৰিব। হৰি ধ্বনি আৰু আয়তী-উৰুলিৰ মাজত জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পার্টি যাতে বিজয়ী হয়, তাৰ বাবে এই যাত্ৰাৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদ বিচৰা হৈছে। তেওঁ কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাইজে নির্বাচিত কৰিছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পার্টি মিত্ৰজোঁটৰ প্ৰথমখন চৰকাৰ ৰাইজে গঠন কৰিছিল। ২০২১ চনত জনতা জনার্দনৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ পুনৰ চৰকাৰ গঠন হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সমগ্র সময়ছোৱাত যিমান সম্ভৱ ৰাইজৰ বাবে চৰকাৰখনে কাম কৰাৰ বাবে প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয় যে বর্তমান অসমৰ পৰিৱৰ্তিত পৰিৱেশ আৰু বিকাশৰ প্ৰতিচ্ছবিয়ে প্রমাণ কৰে যে যোৱা ১০ টা বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ বাবে প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয় যে স্বাভাৱিকভাৱে ইয়াত ভুল-ত্রুটিও থাকিব পাৰে বা ৰাইজে বিচৰা ধৰণে বহু কাম হয়তো কৰিবও পৰা নাই। কিন্তু চৰকাৰে প্ৰচেষ্টাৰ কেতিয়াও ত্রুটি কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ৰাইজে এখন পৰিৱৰ্তিত, সুৰক্ষিত, বিকশিত অসম দেখা পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পার্টিক পুনৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা প্ৰদানৰ বাবে ৰাইজক বিনম্রতাৰে অনুৰোধ জনায়। তেওঁ কয় যে অনিৰুদ্ধ গতিৰে বিকাশ আৰু উন্নয়নৰ বাটেৰে লৈ গৈ অসমক দেশৰ সৰ্বশ্রেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণৰ বাবে বিজেপি নেতৃত্বধীন চৰকাৰখন নিৰম্ভৰ প্ৰচেষ্টাত ব্ৰতী হৈ আহিছে। দৰিদ্ৰ তথা মধ্যবিত্তৰ কল্যাণৰ লগতে কৃষক, শ্রমিক সকলোকে লগত লৈ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰখনে এখন সর্বাংগসুন্দৰ আৰু সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে ঐকান্তিকতাৰে কৰ্মযজ্ঞত ব্ৰতী হৈ আছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীৰ সৈতে আজিৰ এই জন আশীৰ্বাদ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ৰঞ্জিত দত্ত, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপৰি দলৰ কাৰ্যকৰ্তা আৰু ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
haze
26 ° C
26 °
26 °
44 %
1kmh
20 %
Thu
30 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular