39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeঅসমৰঙে ৰঙে বসন্তত মুখৰ হাইলাকান্দি

ৰঙে ৰঙে বসন্তত মুখৰ হাইলাকান্দি

ৰঙে ৰঙে বসন্তত মুখৰ হাইলাকান্দি বৰ্ণাঢ্য আয়োজনে সংস্কৃতি আৰু সম্প্ৰীতিৰ মিলনমেলা
প্ৰীতম দাস হাইলাকান্দি, ১ মাৰ্চঃ
হাইলাকান্দি সঙ্গীত মহাবিদ্যালয়ৰ আয়োজনে আৰু শ্ৰীৰামকৃষ্ণ সেৱা সমিতি হাইলাকান্দিৰ সহযোগিতাত আজি উৎসাহ-উদ্দীপনা আৰু বৰ্ণাঢ্য পৰিবেশত অনুষ্ঠিত হ’ল বহুল প্ৰতীক্ষিত “ৰঙে ৰঙে বসন্ত” অনুষ্ঠান। বিগত ১২ বছৰ ধৰি ধাৰাবাহিক সফলতাৰ সৈতে অনুষ্ঠিত হৈ অহা এই বসন্তোৎসৱ এইবাৰো বসন্তৰ মনোৰম আবহত সাংস্কৃতিক ৰঙেৰে ৰঙীন হৈ উঠিল। দিনজুৰি সংগীত, নৃত্য, আবৃত্তি আৰু নানা মনোজ্ঞ পৰিবেশনে অনুষ্ঠানস্থল মুখৰিত কৰি তোলে যিয়ে উপস্থিত দৰ্শকৰ মন ভৰাই তোলে আৰু এক আনন্দঘন পৰিবেশৰ সৃষ্টি কৰে।
অনুষ্ঠানত বিপুল সংখ্যক সংস্কৃতিপ্ৰেমী লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। বসন্তৰ ৰং, আবেগ আৰু ঐতিহ্যক কেন্দ্ৰ কৰি সাজি তোলা এই আয়োজন স্থানীয় সাংস্কৃতিক পৰিসৰত এক বিশেষ মাত্ৰা যোগ কৰিছে বুলি মত প্ৰকাশ কৰে উপস্থিত বিশিষ্টসকলে।
উৎসৱৰ বিষয়ে বক্তব্য ৰাখি শ্ৰীৰামকৃষ্ণ সেৱা সমিতিৰ প্ৰাক্তন সম্পাদক ৰত্নদীপ ভট্টাচাৰ্যই কয় যে, এই উৎসৱ কেৱল বসন্ত বৰণৰ আনন্দতেই সীমাবদ্ধ নহয়; বৰং ই সংস্কৃতি, সৌহাৰ্দ্য আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ মিলনমেলা। প্ৰতি বছৰে এই অনুষ্ঠান মানুহৰ মাজত নতুন উদ্দীপনা সৃষ্টি কৰে আৰু সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে বুলিও তেওঁ উল্লেখ কৰে।ইফালে অনুষ্ঠানত উপস্থিত সুশান্ত মোহন চেটাৰ্জীয়ে কয় ‘ৰঙে ৰঙে বসন্ত’ ইতিমধ্যে হাইলাকান্দিৰ সাংস্কৃতিক অঙ্গনত এক উল্লেখযোগ্য আৰু মৰ্যাদাপূৰ্ণ আয়োজন হিচাপে নিজৰ স্বকীয় পৰিচয় গঢ়ি তুলিছে। আগন্তুক দিনতো এই ধৰণৰ সৃজনশীল উদ্যোগৰ ধাৰাবাহিকতা অটুট থাকিব বুলি আমি আশাবাদী।অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হাইলাকান্দি সঙ্গীত মহাবিদ্যালয়ৰ শিক্ষিকা মিতালী চক্ৰৱৰ্তীয়ে। তেওঁৰ আন্তৰিক প্ৰচেষ্টা সুচিন্তিত পৰিকল্পনা দক্ষ পৰিচালনা আৰু শিক্ষাৰ্থীসকলৰ সুনিপুণ প্ৰস্তুতিয়ে সমগ্ৰ আয়োজনক নতুন উচ্চতালৈ লৈ যায়। আয়োজক মণ্ডলী অতিথিবৃন্দ আৰু অভিভাৱকসকলে তেওঁৰ এই নিষ্ঠা আৰু পৰিশ্ৰমৰ ভূয়সী প্ৰশংসা কৰি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।সামগ্ৰিকভাৱে প্ৰাণবন্ত পৰিবেশ, শৃংখলাবদ্ধ উপস্থাপনা আৰু মনোমোহা সাংস্কৃতিক পৰিবেশনৰ মাজেৰে এইবাৰৰ “ৰঙে ৰঙে বসন্ত” অনুষ্ঠান হাইলাকান্দিৰ সাংস্কৃতিক অঙ্গনত এক স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হৈ থাকিল বুলি মত প্ৰকাশ কৰিছে উপস্থিত সংস্কৃতিপ্ৰেমী মহলে।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular