31.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeআঞ্চলিকগুৱাহাটীৰ মালয়বাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ সফলভাৱে সম্পন্ন

গুৱাহাটীৰ মালয়বাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ সফলভাৱে সম্পন্ন

গুৱাহাটীৰ মালয়বাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ সফলভাৱে সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চ:  শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰীৰ সৌজন্যত আৰু বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ উদ্যোগত, মাৰোৱাৰী মেটাৰনিটি হস্পিতালৰ সহযোগত সোমবাৰে এটি বিনামূলীয়া চিকিৎসা শিবিৰত গুৱাহাটীৰ মালয়বাৰীত সফলভাৱে আয়োজন কৰা হয়৷ ২ মাৰ্চ তাৰিখে অনুষ্ঠিত এই শিবিৰত উপস্থিত থাকে আচাৰ্য্যা  গীতাঞ্জলী দেৱী, নিকেতনৰ আচাৰ্য-আচাৰ্যাগণ, অভিভাৱকবৃন্দ, পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল আৰু বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ সংযোজিকা স্বপ্না দেৱী শৰ্মাই৷ লগতে সমাজসেৱী ৰেখা ফুকনেও শিবিৰত অংশগ্ৰহণ কৰে৷ শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে প্ৰায় ১০০ৰ অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই চিকিৎসা শিবিৰৰ জৰিয়তে বহু লোক উপকৃত হয়৷ দিনৰ ২ বজাত শিবিৰৰ সফল সামৰণি পৰে৷

RELATED ARTICLES
Lucknow
haze
26 ° C
26 °
26 °
44 %
1kmh
20 %
Thu
30 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular