39 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমশিলচৰত পূৰবী দুগ্ধ প্ৰক্ৰিয়াকৰণ কাৰখানাৰ উদ্বোধন

শিলচৰত পূৰবী দুগ্ধ প্ৰক্ৰিয়াকৰণ কাৰখানাৰ উদ্বোধন

শিলচৰত পূৰবী দুগ্ধ প্ৰক্ৰিয়াকৰণ কাৰখানাৰ উদ্বোধন

শিলচৰ পিএনচি ২ মার্চ: শিলচৰৰ ওপৰৰ ঘুংঘুৰত আজি ৰাজ্যিক পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আজি শিলচৰৰ ওপৰৰ ঘুঘুৰত এটা সংস্কাৰকৃত দুগ্ধ প্ৰক্ৰিয়াকৰণ কাৰখানাৰ উদ্বোধন কৰে। ভাষন প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে কয় যে মুঠ ২ কোটি ৩০ লাখ টকা ব্যয়েৰে নিৰ্মিত এই কাৰখানাৰ পৰা পূৰবী নামৰ দুগ্ধ জাত সামগ্ৰী যেনে ঘিউ, মাখন আৰু দৈ কে গাখীৰ বৰাক উপত্যকাৰ তিনিখন জিলাত গাখীৰ যোগান ধৰা হ’ব। তেওঁ কয় যে উপত্যকা টোৰ বিভিন্ন ঠাইত থকা সমবায় সমিতিৰ জৰিয়তে এই কাৰখানা লৈ গাখীৰ যোগান ধৰা হ’ব। এই উদ্বোধনী অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰাই, দুই সাংসদ পৰিমল শুক্লবৈদ্য আৰু কণাদ পুৰকায়স্থ আৰু বিধায়ক দীপায়ন চক্ৰবৰ্তীৱে ভাষন দিয়ে। এই খিনিতে উল্লেখ কৰিব পাৰি যে পূৰবী ব্ৰ ব্রান্ড নামেৰে গুৱাহাটী কে ধৰি অসমৰ কেবাখনো ঠাইত বৰ্তমানে গাখীৰ আৰু বিভিন্ন দুগ্ধজাত সামগ্ৰী যোগান ধৰা হৈ আছে।
কৰ্তৃপক্ষই জনোৱা মতে অহা ১১ মাৰ্চৰ পৰা ঘুংঘুৰৰ এই কাৰখানাৰ পৰা পূৰবী দুগ্ধজাত সামগ্ৰী যোগান ধৰা আৰম্ভ হ’ব।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular