31.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeশেহতীয়া খবৰ৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে ৷

৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে ৷

৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে ৷

৯ বছৰ বয়সতে যন্ত্ৰণাকাতৰ জীৱন কটাইছে দৌলাশালৰ নীলপৱন বৰ্মনে ৷

স্তব্ধ হৈ পৰিছে জীৱনৰ গতিপথ ৷ বিচনাখনেই সংগী ৷
চিকিৎসাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী-ৰাইজলৈ কাতৰ আহ্বান ৷

মুকালমুৱাৰ পৰা সুৰজিত পাঠক- ৫ মাৰ্চ
পখিলা খেদি ফুৰাৰ বয়সতে ফুলকুমলীয়া শিশু এটাৰ জীৱনলৈ হঠাতে নাম আহিছে অমানিশা ৷ তিনি মাহ পূৰ্বলৈকে হাঁহি-ধেমালিৰে দৌৰি ফুৰি খেলি থকা মৰমলগা শিশুটিৰ এতিয়া বিচনাখনেই যেন সংগী হৈ পৰিছে ৷ পুত্ৰৰ যন্ত্ৰণাকাতৰ জীৱন প্ৰত্যক্ষ কৰি চকুলোৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে শিশুটিৰ পিতৃ-মাতৃৰ ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ ঘামেশ্বৰ বৰ্মন আৰু চাৰু বৰ্মনৰ একমাত্ৰ পুত্ৰ সন্তান নীলপৱন বৰ্মনে এক অচিন ৰোগত আক্ৰান্ত হৈ যন্ত্ৰাণাকাতৰ জীৱন অতিবাহিত কৰি আছে ৷ সমনীয়াৰ স’তে খেলি ভাল পোৱা নীলপৱনৰ এতিয়া বিচনাখনেই একমাত্ৰ সংগী হৈ পৰিছে ৷ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত দৌলাশালস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ নীলপৱনে যোৱা ৩ মাহ ধৰি বিচনাত শুই শুইয়েই যন্ত্ৰণাদায়ক সময় অতিবাহিত কৰিছে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি যোৱা ১৩ ডিচেম্বৰৰ পৰা নীলপৱনে সঘনাই শৌচ‌ কৰিবলৈ ধৰে ৷ পাঁচদিন ধৰি সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে শিশুটিক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি ১৮ ডিচেম্বৰত শিশুটিক চিকিৎসালয়ত চেলাইন আৰু বেজী দিয়াৰ ব্যৱস্থা কৰে। তপিনাত বেজী এটা দিয়াৰ পাছৰ পৰাই শিশুটিৰ ভৰিৰ বিষ আৰম্ভ হয় আৰু দুয়োখন ভৰি ক্ৰমাৎ দুৰ্বল হৈ পৰে বুলি জানিবলৈ দিয়ে ৷ এদিন-দুদিন যোৱাৰ পাছৰে পৰা শিশুটিয়ে খোজ কাঢ়িব নোৱাৰা হৈ পৰে ৷ পৰৱৰ্তী সময়ত শিশুটিক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও সুস্থ হৈ নুঠিল ৷ পাছত শিশুটিক গুৱাহাটী মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰায় চিকিৎসা কৰি আছে যদিও আজি পৰ্যন্ত কোনো পৰিৱৰ্তন হোৱা নাই ৷ সম্প্ৰতি বিচনাখনেই সংগী হৈ পৰিছে এই কণমানি মৰমলগা শিশুটিৰ ৷ সমনীয়াৰ স’তে খেল-ধেমালি, স্কুল যোৱাটো দূৰৈৰে কথা শিশুটিয়ে এতিয়া উঠিবই নোৱাৰে ৷ উপায়হীন হৈ একমাত্ৰ পুত্ৰক সুস্থ কৰি তুলিবলৈ এতিয়া উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ বিচাৰিছে যদিও অৰ্থৰ অভাৱত সেয়াও কৰিব পৰা নাই নিঃকিন পিতৃ-মাতৃয়ে ৷ দিন হাজিৰা কৰি কোনোমতে জীয়াই থকা পৰিয়ালটোৱে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে সহায় ভিক্ষা ৷ একমাত্ৰ পুত্ৰক সুস্থ কৰি তুলিবলৈ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰাও বিচাৰিছে সহায় ৷ যদিহে কোনো হৃদয়বান ব্যক্তিয়ে শিশুটোক আৰ্থিকভাবে সহায় কৰিব বিচাৰে তেন্তে শিশুটিৰ মাতৃ চাৰু বৰ্মনৰ দৌলাশালস্থিত ভাৰতীয় ষ্টেট বেংকৰ 44189068896 (SBIN0018509) ত ধন জমা কৰি সহায় কৰিব পাৰে ৷ অন্যথা 7577969207 নম্বৰত ফোন কৰিও সহায় কৰিব পাৰে পৰিয়ালটিক । মৰমলগা শিশুটিয়েও কৰযোৰে সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে হৃদয়বান ৰাইজক ৷ হয়তো আপোনাসৱৰ অকণমান সঁহাৰি মৰমসনা শিশুটিয়ে স্বাভাবিক জীৱন ওভোতাই পাব আৰু সমনীয়াৰ স’তে বিদ্যালয়লৈ গৈ খেল-ধূলা কৰিব পাৰিব ৷

RELATED ARTICLES
Lucknow
haze
26 ° C
26 °
26 °
44 %
1kmh
20 %
Thu
30 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular