39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমমহর্ষি বিদ্যা মন্দিৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় টাংলাৰ চিবি এছি পৰীক্ষাত বিশেষ সাফল্য-

মহর্ষি বিদ্যা মন্দিৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় টাংলাৰ চিবি এছি পৰীক্ষাত বিশেষ সাফল্য-

মহর্ষি বিদ্যা মন্দিৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় টাংলাৰ চিবি এছি পৰীক্ষাত বিশেষ সাফল্য-

দুৰ্নীতিৰ দৰ্পণ , জুৱেল আহমেদ, ষ্টাফ ৰিৰ্পটাৰ : কেন্দ্রীয় মাধ্যমিক শিক্ষা বার্ডে ১৫ এপ্রিলত ঘোষণা কৰা দশম শ্রেণীৰ চূড়ান্ত পরীক্ষাত ওদালগুৰি জিলাৰ বাণিজ্যিক, বৌদ্ধিক, সাংস্কৃতিক তথা শৈক্ষিক নগৰী টাংলাস্থিত এখন আগশাৰী বিদ্যালয় মহার্ষি বিদ্যালয়। অইন বাবৰৰ দৰে এইবেলিও বিদ্যালয়খনে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ তথা চিবিএছচি দশম শ্রেণীর চূড়ান্ত পৰীক্ষাত বিশেষ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । শৈক্ষিক নগৰৰ বৌদ্ধিক মহলৰ উপৰি অভিভাবক-অভিভাবিকা আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্রী সকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। উক্ত ফলাফল অনুসৰি সমীৰণ বৰাই ৯৩.৩ শতাংশ, নিকিতা ভৰদ্বাজ ৮২.২ শতাংশ, ভূবন মোহন ডেকা ৮০.০০ শতাংশ, ভাস্কৰ জ্যোতি ৰাভা ৭৯.৪ শতাংশ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে, বিদ্যালয় খনৰ পৰা সমীৰণ বাৰাই ইংৰাজী অসমীয়া অংক, বিজ্ঞান, সমাজ বিজ্ঞান, কম্পিউটাৰ বিষয়ত ক্রমে ৯৩, ৯৫,৮৭, ৮৮, ৯৭ আৰু ৯৩ নম্বৰসহ বিদ্যালয়খনৰ ভিতৰতে সর্বাধিক মার্ক লাভ কৰিছে। লগতে বড়ো আৰু কম্পিউটাৰ বিষয়ত ক্রমে দেবচ্ঞ্চ বড়ো আৰু ভূবন মোহন ডেকাই উক্ত বিষয়ত সর্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্রী সকলৰ এনে সফলতাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষ সমুজ্জ্বল শর্মাই ছাত্র-ছাত্রী তথা অভিভাবক সকলক অভিনন্দন জনোৱাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী সকলে ঐকান্তিকতাৰে শিক্ষা প্রদানৰ ক্ষেত্ৰত চলাই অহা প্রচেষ্টাত শলাগ জ্ঞাপন কৰে লগতে আগন্তক দিনত বিদ্যালয়খনৰ লগতে ছাত্র-ছাত্রী সকলৰ অধিক উন্নতিৰ পথ সুগম কৰিব বুলি আশা প্রকাশ কৰে
অধ্যক্ষ সমুজ্জ্বল শর্মা।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular