উত্তেজনামূলক ভিডিঅ’ ভাইৰেল: হাইলাকান্দিত যুৱক গ্ৰেপ্তাৰ
প্ৰতিনিধি হাইলাকান্দি ৫ মাৰ্চ:
ছ’চিয়েল মিডিয়াত উত্তেজনামূলক আৰু আপত্তিজনক ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম ৰবিজুল হুছেইন লস্কৰ (২৮)। তেওঁ হাইলাকান্দি জিলাৰ ৰামনাথপুৰ থানাৰ অন্তৰ্গত কিল্লাৰবাক গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃৰ নাম মৃত মনিৰ উদ্দিন লস্কৰ।আৰক্ষী সূত্ৰে জনোৱা মতে অভিযুক্ত ৰবিজুল হুছেইন লস্কৰে এটা অতি আপত্তিজনক, উত্তেজনামূলক আৰু প্ৰৰোচনামূলক ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল। উক্ত ভিডিঅ’টোত অশালীন আৰু কুৰুচিপূৰ্ণ ভাষা ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক আঘাত আৰু উপহাস কৰাৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ উঠিছে। আৰক্ষীৰ মতে, তেওঁৰ এই কাৰ্যকলাপৰ উদ্দেশ্য আছিল জিলাখনত জনশান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা।
ঘটনাটো আৰক্ষী প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই তৎপৰতাৰে ব্যৱস্থা লোৱা হয়। পাছত ৰামনাথপুৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই ৰবিজুল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এই সন্দৰ্ভত ৰামনাথপুৰ থানাত মামলা নং– ১২/২০২৬ ৰুজু কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ ধাৰা ২৯৯, ৩৫৩(১)(সি) আৰু ১৯৬(১)(এ) অনুসৰি অভিযুক্তজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আৰক্ষীয়ে জনাইছে যে ঘটনাটোৰ পূৰ্ণাঙ্গ তদন্ত আৰম্ভ কৰা হৈছে আৰু প্ৰয়োজন অনুসৰি আৰু অধিক আইনগত পদক্ষেপ গ্ৰহণ কৰা হ’ব। একে সময়তে ছ’চিয়েল মিডিয়াত এনে ধৰণৰ উত্তেজনামূলক আৰু বিভ্ৰান্তিকৰ বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ সাধাৰণ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
উত্তেজনামূলক ভিডিঅ’ ভাইৰেল: হাইলাকান্দিত যুৱক গ্ৰেপ্তাৰ
Lucknow
overcast clouds
32.2
°
C
32.2
°
32.2
°
57 %
6.7kmh
100 %
Thu
32
°
Fri
33
°
Sat
36
°
Sun
32
°
Mon
30
°

