33.3 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমড০ আম্বেদকাৰ মিছন অসম, চাংসাৰিৰ উদ্যোগত “নাহৰ উৎসৱ “ উদযাপনত উপস্থিত গৰিমা...

ড০ আম্বেদকাৰ মিছন অসম, চাংসাৰিৰ উদ্যোগত “নাহৰ উৎসৱ “ উদযাপনত উপস্থিত গৰিমা শইকীয়া গাৰ্গ

ড০ আম্বেদকাৰ মিছন অসম, চাংসাৰিৰ উদ্যোগত “নাহৰ উৎসৱ “ উদযাপনত উপস্থিত গৰিমা শইকীয়া গাৰ্গ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৬ এপ্ৰিল: চাংসাৰিস্থিত ড° আম্বেদকাৰ মিছনত তেওঁলোকৰ নিজা উদ্যোগত ১৩ এপ্ৰিল সোমবাৰে জুবিন গাৰ্গক স্মৰণ কৰি প্ৰথমবাৰৰ বাবে“ নাহৰ উৎসৱ“ আয়োজন কৰা হয়৷ ড০ আম্বেদকাৰ মিছনৰ সভাপতি দুলাল চন্দ্ৰ মেধী, উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি বসন্ত শৰণীয়া আৰু উদযাপন কমিটিৰ সম্পাদক চাৰ্জিবুল হক চৌধুৰী পৰা জানিব পৰা মতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে উপস্থিত হৈ মিছনৰ প্ৰাংগণত নাহৰ পুলি ৰোপণ কৰে l ৰাতিপুৱা ৯ বজাত-পতাকা উত্তোলন কৰে আম্বেদকাৰ মিছনৰ সভাপতি দুলাল চন্দ্ৰ মেধিয়ে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় অধ্যপক চিকিৎসক ডা: ভাস্কৰ বুঢ়াগোহাঁই, NEIGRIHMS, মেঘালয় আৰু বলীউডৰ নৃত্য পৰিচালক কমল নাথে৷ নাহৰ গছ পুলি বিতৰণ কৰে আই আই টি গুাহাটীৰ অধ্যাপক ড° উৎপল বৰাই৷ শিল্প, থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী উদ্বোধন কৰে সমাজকৰ্মী নীলাকান্ত নাথে৷ বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মাই৷ সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য আয়ুক্তৰজন সম্পৰ্কৰক্ষী বিষয়া হেমচন্দ্ৰ পাঠক উপস্থিত থাকে উক্ত অনুষ্ঠানত l অনুষ্ঠানটিত বক্তৃতা প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু কে. মল্লিক, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা উদ্যোগপতি অনুপম শৰ্মাই l সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে চিভিল ইঞ্জিনিয়াৰিং বিভাগ, আই আই টি জি অৰূপ কুমাৰ শৰ্মাই৷ অনুষ্ঠানটি এটি অসমীয়া জনগোষ্ঠীয় লোকসংস্কৃতি গোষ্ঠীৰ দ্বাৰা পৰিবেশিত ভিন্নসুৰীয়া অনুষ্ঠানৰে সামৰণি পৰে l

RELATED ARTICLES
Lucknow
overcast clouds
32.1 ° C
32.1 °
32.1 °
58 %
1.7kmh
99 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
35 °
Fri
35 °

Most Popular