32.9 C
New Delhi
Friday, June 5, 2026
spot_img
Homeঅসমশোণিতপুৰৰ বৰছলাৰ মিছামাৰী ৰাইজৰ বাবে এক সুখবৰ এতিয়াৰ পৰা নিউ মিছামাৰী ৰেল...

শোণিতপুৰৰ বৰছলাৰ মিছামাৰী ৰাইজৰ বাবে এক সুখবৰ এতিয়াৰ পৰা নিউ মিছামাৰী ৰেল ষ্টেচনত ৰ’ব ডিব্ৰুগড়–হাওৰা কামৰূপ এক্সপ্ৰেছ যাত্ৰীবাহী ৰেল

শোণিতপুৰৰ বৰছলাৰ মিছামাৰী ৰাইজৰ বাবে এক সুখবৰ এতিয়াৰ পৰা নিউ মিছামাৰী ৰেল ষ্টেচনত ৰ’ব ডিব্ৰুগড়–হাওৰা কামৰূপ এক্সপ্ৰেছ যাত্ৰীবাহী ৰেল

দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা, ৬ মাৰ্চ:- বৰছলা সমষ্টিৰ ৰাইজৰ বাবে এক সুখবৰ। এতিয়াৰ পৰা নিউ মিছামাৰী ৰেল ষ্টেচনত ৰ’ব ডিব্ৰুগড়–হাওৰা কামৰূপ এক্সপ্ৰেছ যাত্ৰীবাহী ৰেল। এই সিদ্ধান্তৰ ফলত বৰছলা আৰু আশেপাশে অঞ্চলৰ যাত্ৰীসকলে সহজে যাত্ৰা কৰিব পাৰিব। জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখে চলা কামৰূপ এক্সপ্ৰেছ ৰেলখন নিউ মিছামাৰী ৰেল ষ্টেচনত পুৱা ৭ বাজি ২৪ মিনিটত উপস্থিত হ’ব আৰু প্ৰায় ২ মিনিট সময়ৰ বাবে ৰ’ব। ইয়াৰ ফলত এতিয়াৰ পৰা নিউ মিছামাৰী ষ্টেচনৰ পৰা যাত্ৰীসকলে সহজে কলকাতা আৰু হাওৰালৈ যাত্ৰা কৰিব পাৰিব। এই ব্যৱস্থাই বৰছলা সমষ্টিৰ ৰাইজৰ লগতে অঞ্চলটোৰ চাকৰিয়াল ,ব্যৱসায়, শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত যাত্ৰা-যোগাযোগ অধিক সহজ কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। স্থানীয় ৰাইজে এই সিদ্ধান্তক আদৰণি জনাই আনন্দ প্ৰকাশ কৰিছে।

RELATED ARTICLES
Lucknow
broken clouds
34.5 ° C
34.5 °
34.5 °
28 %
0.5kmh
76 %
Fri
42 °
Sat
41 °
Sun
44 °
Mon
45 °
Tue
45 °

Most Popular