34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeৰাষ্ট্ৰীয়দিল্লী মহানগৰীত বুছুডিমা উদযাপন

দিল্লী মহানগৰীত বুছুডিমা উদযাপন

দিল্লী মহানগৰীত বুছুডিমা উদযাপন

দূৰ্নীতিৰ দৰ্পণ সেৱা ডবকা ,দিল্লীৰ পৰা শৰ্মীষ্ঠা বৰ্মনৰ সহযোগত আৰিফ মজুমদাৰৰ ৰিপৰ্ট:: ৭ মাৰ্চ: দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত ডিমাছা ছাত্ৰ সন্থা,দিল্লী (DSDU) ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগতে দিল্লীত বসবাস কৰা ডিমাছা জনগোষ্ঠীসকলে উলহ-মালহেৰে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে বুছুডিমা অৰ্থাৎ বিহু উদযাপন কৰে। মাৰ্চৰ পহিলাতে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি উপস্থিত ডিমাছা ৰাইজৰ মাজত বিভিন্ন পৰম্পৰাগত ৰীতি নীতি, খেল ধেমালী,গীত-মাত, বাইডিমা নৃত্য, পৰম্পৰাত সাজ পোচাক পৰিধান কৰি ফেশ্বন শ্ব আদিৰ আয়োজন কৰা হয়। কাৰ্যসূচীত পোন প্ৰথমে ‘হাওবা’ অৰ্থাৎ পুৰুষ আৰু মহিলাসকলে পৃথক পৃথককৈ এগৰাকীৰ পিছত আনগৰাকীৰ কান্ধত ধৰি আগলৈ হাউলি হো হো শব্দ ধ্বনি উচ্চাৰণ কৰে।পৰৱৰ্তী কাৰ্যসূচী ‘বুছু গাবা’,ইয়াত বয়োজ্যেষ্ঠ দম্পতিৰ পৰা তামোল পাণ আগবঢ়াই আশীর্বাদ লোৱা হয়। উল্লেখ্য যে অনুষ্ঠানৰ আকৰ্ষণীয় কাৰ্যসূচী আছিল ডেকা-গাভৰু,আইমাতৃসকলৰ দ্বাৰা বাইডিমা নৃত্য পৰিৱেশন। ইয়াৰ উপৰি বোৱাৰীসকলে নৃত্য পৰিৱেশন কৰাৰ উপৰিও পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি ফেশ্বন শ্ব প্ৰদৰ্শন কৰে। কেইগৰাকীমানে পুৰুষৰ বেশত ৰেম্প ৱাক কৰে। এই বোৱাৰীসকল আছিল ক্ৰমান্বয়ে ডাঃ সুফলা বডো,তাপসী বৰ্মন, জোনালী লাংথাছা,সুস্মিতা বৰ্মন, শৰ্মীষ্ঠা বৰ্মন, পিজুলি লাংথাছা, সুনন্দা হাস্নু আৰু ফুলবিনা জিডুং। অনুষ্ঠানত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনাও জনোৱা হয়। শেষত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে এসাঁজ একেলগে উপভোগ কৰি উলহ-মালহেৰ বুছুডিমা অনুষ্ঠানটি উদযাপন কৰাত ৰাইজৰ সহযোগিতা লাভ কৰা বাবে ডিমাছা ছাত্ৰ সন্থা,দিল্লীৰ সভাপতি মৌচম থাউছেনে সকলোৰে শলাগ লয় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular