34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeআঞ্চলিকশোণিতপুৰৰ ঠেলামৰা কলাকুছিত পৱিত্ৰ ৰমজান মাহত ইফতাৰৰ সময়ত জিকিৰ পৰিবেশন কৰা এটা...

শোণিতপুৰৰ ঠেলামৰা কলাকুছিত পৱিত্ৰ ৰমজান মাহত ইফতাৰৰ সময়ত জিকিৰ পৰিবেশন কৰা এটা পৰিয়াল।

শোণিতপুৰৰ ঠেলামৰা কলাকুছিত পৱিত্ৰ ৰমজান মাহত ইফতাৰৰ সময়ত জিকিৰ পৰিবেশন কৰা এটা পৰিয়াল।

দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা, ৬ মাৰ্চ:-
শোণিতপুৰ জিলাৰ ঠেলামৰা কলাকুছি গাঁৱৰ এটা পৰিয়ালে বহুদিন পৰা জিকিৰ গীত পৰিবেশন কৰি আহিছে। পৱিত্ৰ ৰমজান মাহত পৰিয়ালটোৰ সদস্যসকলে নিয়মিতভাৱে ৰোজা পালন কৰে আৰু ইফতাৰৰ সময়ত জিকিৰ গীত পৰিবেশন কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। গাঁওখনৰ নিৱাসী তথা কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৱাছ আলিৰ বাসগৃহত এই জিকিৰ পৰিবেশন অনুষ্ঠিত হয়। পৰিয়ালটোৰ চাৰিজন সদস্যই ইফতাৰ আগতে জিকিৰ গীত পৰিৱেশন কৰে। তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ জনপ্ৰিয় কণ্ঠশিল্পী ফাৰহানা ছিদ্দিকে জিকিৰ গীত পৰিবেশনত কণ্ঠদান কৰি অনুষ্ঠানটোক অধিক মনোমোহা কৰি তোলে। তেওঁৰ সুৰীয়া কণ্ঠত জিকিৰ গীত গাঁওখনত এক বিশেষ আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। জিকিৰ অসমীয়া মুছলমান সমাজৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় স্তুতি গীত, যাক মহাপুৰুষ আজান ফকীৰে প্ৰচাৰ কৰিছিল।জিকিৰ গীতৰ জৰিয়তে তেওঁলোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় আহিছে। কলাকুছি গাঁৱৰ এই পৰিয়ালটোৱে পৱিত্ৰ ৰমজান মাহত এনেদৰে জিকিৰ গীত পৰিৱেশন কৰি অহাত গাঁওখনৰ ধৰ্মপ্ৰাণ ৰাইজে ভূয়সী প্ৰশংসা কৰি আহিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular