৫৩ নং লাহৰিঘাট বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰত্যাশিত প্ৰাৰ্থী পল্লৱী ৰাভাক মিত্ৰজুট প্ৰাৰ্থীত্ব দিয়াৰ দাবী ভোটাৰ ৰাইজৰ।
ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী,১১ মাৰ্চ: দীর্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই ৫৩ নং লাহৰিঘাট বিধানসভা সমষ্টিত মিত্ৰজোট (NDA) প্ৰাৰ্থী দিয়া হব বুলি খবৰ বিয়পি পৰাৰ লগে লগে অসম গণ পৰিষদে পল্লৱী ৰাভাৰ নাম প্ৰায় চুড়ান্ত কৰিছে। সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত চলি থকা ব্যাপক চৰ্চাৰ মাজতে অৱশেষত মিত্ৰজুট(NDA)ৰ পৰা প্ৰায় চুড়ান্ত হোৱা বুলি অসম গণ পৰিষদৰ আঞ্চলিক সমিতি সমূহে মত প্ৰকাশ কৰিছে। নতুন ৰাজনৈতিক আলোচনা আৰু চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, প্ৰায় তিনিটা দশক ধৰি এই বিধানসভা সমষ্টিটো কংগ্ৰেছৰ দখলত আছে। এই পৰিস্থিতিত সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি উদ্ধাৰৰ লক্ষ্যৰে মিত্ৰজোটে এইবাৰ অসম গণ পৰিষদৰ নেত্ৰী পল্লৱী ৰাভাক প্ৰাৰ্থী হিচাপে আগবঢ়াব পাৰে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই সিদ্ধান্তত সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণত নতুন গতি আনিব পাৰে। পল্লৱী ৰাভাই বহু বছৰ ধৰি অসম কৃষি পৰিষদৰ সৈতে জড়িত হৈ কৃষক সমাজ আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি অহাৰ লগতে লাহৰিঘাটৰ ভোটাৰ ৰাইজৰ মাজত বিশেষ জনপ্ৰিয় । ৰাভাই সামাজিক কাম-কাজ আৰু জনসংযোগৰ বাবে অঞ্চলটোৰ বহু লোকৰ মাজত ইতিমধ্যে এক সুদৃঢ় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি স্থানীয় মহলে মত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও, এইবাৰ প্ৰথমবাৰৰ বাবে লাহৰিঘাট সমষ্টিৰ পৰা এগৰাকী মহিলা প্ৰাৰ্থীক মিত্ৰজোটে আগবঢ়োৱা প্ৰায় নিশ্চিত হোৱাত বিশেষকৈ মহিলা ভোটাৰসকলৰ মাজত যথেষ্ট উৎসাহ আৰু আনন্দ দেখা গৈছে। বহু মহিলাই এই পদক্ষেপক ইতিবাচকভাৱে গ্ৰহণ কৰি ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ আশা ব্যক্ত কৰিছে। ইফালে, পল্লৱী ৰাভাক প্ৰাৰ্থী হিচাপে প্ৰায় চুড়ান্ত কৰাৰ পিছতে মিত্ৰজোটৰ সমৰ্থকসকলৰ মাজত উচ্ছ্বাসৰ সৃষ্টি হৈছে। সমষ্টিটোৰ উন্নয়ন, কৃষক আৰু সাধাৰণ জনতাৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতিৰে আগন্তুক নিৰ্বাচনত তেওঁ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি দলীয় কৰ্মীসকলে আশা প্ৰকাশ কৰিছে। আগতীয়া বিধানসভা নিৰ্বাচনক লৈ এতিয়া লাহৰিঘাট সমষ্টিত ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে আৰু আগন্তুক দিনসমূহত নিৰ্বাচনী ৰাজনীতিত অধিক তীব্ৰতা দেখা যাব বুলি অনুমান কৰা হৈছে।

