30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeশেহতীয়া খবৰহাইলাকান্দিত যুৱতীৰ মৃত্যুক লৈ চাঞ্চল্য স্নানৰ ভিডিঅ’ লৈ ব্লেকমেইল বিষ খুৱাই হত্যাৰ...

হাইলাকান্দিত যুৱতীৰ মৃত্যুক লৈ চাঞ্চল্য স্নানৰ ভিডিঅ’ লৈ ব্লেকমেইল বিষ খুৱাই হত্যাৰ অভিযোগ মামাৰ বিৰুদ্ধে; দুই মাহ পাছত গ্ৰেপ্তাৰ অভিযুক্ত

হাইলাকান্দিত যুৱতীৰ মৃত্যুক লৈ চাঞ্চল্য স্নানৰ ভিডিঅ’ লৈ ব্লেকমেইল বিষ খুৱাই হত্যাৰ অভিযোগ মামাৰ বিৰুদ্ধে; দুই মাহ পাছত গ্ৰেপ্তাৰ অভিযুক্ত
প্ৰতিনিধি হাইলাকান্দি ১১ মাৰ্চ:
হাইলাকান্দি জিলাত এক চাঞ্চল্যকৰ হৃদয়বিদাৰক আৰু নিন্দনীয় ঘটনাৰ অভিযোগ পোহৰলৈ আহিছে, যিয়ে সমাজৰ নৈতিক অৱক্ষয় আৰু নাৰীৰ সুৰক্ষা সম্পৰ্কে নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগ অনুসাৰে আত্মীয়তাৰ সম্পৰ্কৰ আৰত লুকাই থকা এজন ব্যক্তিৰ বিকৃত মানসিকতাৰ বলি হ’ব লগা হৈছে এগৰাকী যুৱতী। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভ আৰু আলোড়নৰ সৃষ্টি হৈছে।মৃত যুৱতীগৰাকীৰ নাম সামিনা ইয়াছমিন লস্কৰ। তেওঁ কাছাৰ জিলাৰ ভাগাবজাৰ অঞ্চলৰ বাসিন্দা। জানিব পৰা মতে প্ৰায় দুই মাহ আগতে সামিনা তেওঁলোকৰ মামা আবুল হুছেইন চৌধুৰীৰ হাইলাকান্দি জিলাস্থিত ঘৰলৈ ভ্ৰমণ কৰিবলৈ আহিছিল। আত্মীয়ৰ ঘৰলৈ আহি যে এনে মর্মান্তিক পৰিণতি তেওঁৰ বাবে অপেক্ষা কৰি আছে, সেয়া কল্পনাও কৰিব পৰা নাছিল তেওঁ অথবা তেওঁৰ পৰিয়ালে।পৰিয়ালৰ অভিযোগ অনুসাৰে এদিন ঘৰৰ পুখুৰীত স্নান কৰি থকা সময়ত গোপনে সামিনাৰ ভিডিঅ’ ধাৰণ কৰে অভিযুক্ত মামা আবুল হুছেইন চৌধুৰীয়ে। তাৰ পাছত সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই ব্লেকমেইল আৰম্ভ কৰে। অভিযোগ অনুসাৰে ভিডিঅ’ প্ৰকাশ কৰাৰ ভয় দেখুৱাই সামিনাক মানসিকভাৱে চাপত ৰাখি অভিযুক্তই তেওঁক শাৰীৰিক সম্পৰ্কত লিপ্ত হ’বলৈ বাধ্য কৰে। কেৱল সেয়াই নহয়, বাৰে বাৰে ভয় দেখুৱাই তেওঁৰ পৰা প্ৰায় এ লাখ টকা আদায় কৰা হৈছিল বুলিও পৰিয়ালৰ অভিযোগ।ঘটনাৰ পাছত মানসিকভাৱে ভাঙি পৰে সামিনা ইয়াছমিন লস্কৰ। দীঘল সময় ধৰি চলি থকা এই নিৰ্যাতনৰ বিৰুদ্ধে শেষত ন্যায় বিচাৰি তেওঁ স্থানীয় বিধায়ক জাকিৰ হুছেইন লস্কৰৰ ওচৰতো সহায় বিচাৰে বুলি জানিব পৰা গৈছে। পৰিয়ালৰ দাবী, বিষয়টো অঞ্চলত প্ৰকাশ পাই যোৱাৰ পাছত আতংকিত হৈ পৰে অভিযুক্তজন।তাৰ পিছতেই ঘটনাটোৰ মোড় অধিক ভয়ংকৰ দিশলৈ ঘূৰি যায়। অভিযোগ অনুসাৰে, সামিনাক ঘৰলৈ মাতি আনি পৰিকল্পিতভাৱে বিষ খুৱাই দিয়া হয়। বিষক্রিয়াত গুৰুতৰ অসুস্থ হৈ পৰাত তেওঁক তৎকালীনভাৱে হাইলাকান্দি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু অৱস্থাৰ অধিক অৱনতি ঘটাত চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে তেওঁক শিলচৰ মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুখজনকভাৱে শিলচৰলৈ নিয়াৰ পথতেই যুৱতীগৰাকীৰ অৱস্থা অধিক অৱনতি ঘটে আৰু পথতেই তেওঁৰ মৃত্যু হয়।এই মৃত্যুৰ ঘটনাত পৰিয়াল শোকাহত হোৱাৰ লগতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ঘটনাৰ পাছতেই সামিনাৰ মাতৃয়ে হাইলাকান্দি সদৰ থানাত লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। দীঘল তদন্তৰ অন্তত অৱশেষত অভিযুক্ত আবুল হুছেইন চৌধুৰীক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।পৰিয়ালৰ সদস্যসকলৰ মতে এইটো কেৱল এটা হত্যাকাণ্ড নহয় ই বিশ্বাসঘাতকতা নাৰী নিৰ্যাতন আৰু ক্ষমতাৰ অপব্যৱহাৰৰ এক জঘন্য উদাহৰণ। তেওঁলোকে দাবী কৰিছে যে অভিযুক্তজনৰ বিৰুদ্ধে দ্ৰুত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি নিশ্চিত কৰিব লাগিব যাতে ভৱিষ্যতে আৰু কোনো নাৰী এনে নিৰ্যাতনৰ শিকার নহয়।ইফালে ঘটনাটো পোহৰলৈ অহাৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন সামাজিক সংগঠন আৰু স্থানীয় লোকসকলে এই ঘটনাৰ তীব্ৰ নিন্দা জনাই অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে। সচেতন মহলৰ মতে এইটো কেৱল এটা পৰিয়ালৰ ট্ৰেজেডি নহয় ই আমাৰ সমাজৰ সুৰক্ষা আৰু নৈতিকতাৰ সংকটক স্পষ্টভাৱে উন্মোচিত কৰিছে। আত্মীয়তাৰ দৰে নিৰাপদ সম্পৰ্কৰ আৰত যদি এনে অপৰাধ সংঘটিত হয়, তেন্তে সেয়া সমাজৰ বাবে গভীৰ চিন্তাৰ বিষয়। লগতে এনে ধৰণৰ অপৰাধৰ বিৰুদ্ধে সমাজক অধিক সচেতন আৰু সোচ্চাৰ হ’বলৈ আহ্বান জনাইছে বিশিষ্টসকলে।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular