41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমআছাম বিশ্ববিদ্যালয়ত পাণ্ডুলিপি সংৰক্ষণ বিষয়ক কৰ্মশালা

আছাম বিশ্ববিদ্যালয়ত পাণ্ডুলিপি সংৰক্ষণ বিষয়ক কৰ্মশালা

আছাম বিশ্ববিদ্যালয়ত পাণ্ডুলিপি সংৰক্ষণ বিষয়ক কৰ্মশালা

শিলচৰ, পিএনচি ১৪ মাৰ্চ :বুধবাৰে শিলচৰৰ আছাম বিশ্ববিদ্যালয়ত পাণ্ডুলিপি বিষয়ক একদিনীয়া কৰ্মশালা সফলভাৱে অনুষ্ঠিত হয়। এই কৰ্মশালাৰ আয়োজন ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ আছাম বিশ্ববিদ্যালয়ৰ জ্ঞান-ভাৰতম্ ক্লাষ্টাৰ কেন্দ্ৰ, ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰ আৰু সংস্কৃত বিভাগৰ যৌথ উদ্যোগত কৰা হয়। কৰ্মশালাৰ মূল উদ্দেশ্য আছিল ভাৰতীয় পাণ্ডুলিপি পৰম্পৰা, ইয়াৰ সংৰক্ষণ, তালিকাভুক্তিকৰণ (কেটেলগিং) আৰু মেটাডাটা প্ৰস্তুতিৰ প্ৰক্ৰিয়া সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক সচেতন কৰা। অনুষ্ঠানটো বন্তি প্ৰজ্বলন আৰু বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে আৰম্ভ হয়, যাৰ ফলত ভাৰতীয় পৰম্পৰা আৰু জ্ঞান-সংস্কৃতিৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী উপাচাৰ্য অধ্যাপক আব্দুল ৰাজাক টি য়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ নিৰ্দেশক গঙ্গা ভূষণ এম, আইকিউএচি (IQAC) ৰ নিৰ্দেশক অধ্যাপক পীয়ুষ পাণ্ডে, ৰবীন্দ্ৰনাথ ঠাকুৰ স্কুল অৱ ইণ্ডিয়ান লেংগুৱেজেছ এণ্ড কালচাৰেল ষ্টাডিজৰ সংকায়াধ্যক্ষ অধ্যাপক ননী কুমাৰ সিং , বাংলা বিভাগৰ অধ্যাপক অর্জুন সেন শৰ্মা আৰু সংস্কৃত বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক শান্তি পোখৰেল অতিথি হিচাপে উপস্থিত আছিল। অতিথিসকলক পৰম্পৰাগত উত্তৰীয় প্ৰদান কৰি আদৰণি জনোৱা হয়। কৰ্মশালাৰ সংযোজক হিচাপে জ্ঞান-ভাৰতম্ ক্লাষ্টাৰ কেন্দ্ৰৰ নিৰ্দেশক তথা সংস্কৃত বিভাগৰ অধ্যাপক ড° গোবিন্দ শৰ্মা উপস্থিত থাকে। তেওঁ স্বাগত ভাষণত অতিথিসকলক অভিনন্দন জনাই কৰ্মশালাৰ পটভূমি আৰু উদ্দেশ্য স্পষ্ট কৰি দিয়ে। তেওঁ জ্ঞান-ভাৰতম্ ক্লাষ্টাৰ কেন্দ্ৰৰ কাৰ্যকলাপ আৰু ইয়াৰ মুখ্য লক্ষ্যসমূহৰ ওপৰত আলোকপাত কৰি কয় যে এই কেন্দ্ৰই ভাৰতীয় জ্ঞান পৰম্পৰাৰ সংৰক্ষণ, বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি আছে। তেওঁ জ্ঞান-ভাৰতম্ ৰ পাঁচটা মুখ্য দিশৰ উল্লেখ কৰি পাণ্ডুলিপিৰ অনুবাদ, সংৰক্ষণ, ডিজিটাইজেশ্যন, আন ক্লাষ্টাৰ কেন্দ্ৰ স্থাপন আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ নিৰ্দেশক গংগাভূষণ এম. মোলাঙ্কলয়ে নিজৰ বক্তব্যত সংস্কৃত ভাষাৰ সমৃদ্ধ পৰম্পৰা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে সংস্কৃতত নিহিত জ্ঞান ভাৰতীয় সভ্যতাৰ এক অমূল্য সম্পদ আৰু পাণ্ডুলিপিসমূহ সেই জ্ঞান পৰম্পৰাৰ জীৱন্ত সাক্ষ্য। তেওঁ ভাৰত চৰকাৰৰ সহযোগত দেশত চলি থকা পাণ্ডুলিপি সংৰক্ষণৰ বিভিন্ন উদ্যোগৰ বিষয়েও উল্লেখ কৰে। সংকায়াধ্যক্ষ ননী কুমাৰ সিঙে নিজৰ ভাষণত কয় যে পাণ্ডুলিপিসমূহ ভাৰতীয় সংস্কৃতি আৰু ইতিহাসৰ গুৰুত্বপূৰ্ণ ঐতিহ্য। তেওঁ বিশেষকৈ মণিপুৰী লিপিৰ পৰম্পৰা আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বিষয়েও মত প্ৰকাশ কৰে। আইকিউএচিৰ নিৰ্দেশক পীয়ুষ পাণ্ডেয়ে জ্ঞান-ভাৰতম্ আৰু ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ যৌথ উদ্যোগৰ প্ৰশংসা কৰি আগন্তুক দিনত এই ধৰণৰ অধিক কৰ্মশালা আয়োজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংস্কৃত বিভাগৰ মুৰব্বী শান্তি পোখৰেলে ভাৰতীয় জ্ঞান পৰম্পৰাত পাণ্ডুলিপিৰ কেন্দ্ৰীয় ভূমিকা উল্লেখ কৰি ইয়াৰ সুসংগঠিত সংৰক্ষণ আৰু অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। অনুষ্ঠানৰ অন্তত সংস্কৃত বিভাগৰ অতিথি অধ্যাপক Kallol Roy ধন্যবাদ জ্ঞাপন কৰে। উদ্বোধনী অধিৱেশন শেষ হোৱাৰ পাছত কৰ্মশালাৰ একাডেমিক অধিৱেশনসমূহ আৰম্ভ হয়। প্ৰথম অধিৱেশনত বাংলা বিভাগৰ প্ৰফেচৰ অৰ্জুন দেব সেন শর্মাই পাণ্ডুলিপিৰ তালিকাভুক্তিকৰণ (কেটেলগিং) প্ৰক্ৰিয়াৰ ওপৰত বিস্তৃত বক্তৃতা আগবঢ়ায়। তেওঁ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানত পাণ্ডুলিপিৰ পঞ্জীয়ন আৰু তালিকাভুক্তিকৰণৰ পৰম্পৰাৰ বিষয়ে আলোকপাত কৰি বিশেষকৈ উত্তৰ-পূৰ্ব ভাৰতত পাণ্ডুলিপিৰ সংৰক্ষণ আৰু নথিভুক্তিকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাধীনতাৰ পূৰ্বে আৰু পাছত ভাৰতত পাণ্ডুলিপি অধ্যয়নৰ বিভিন্ন দিশৰ বিষয়েও আলোচনা কৰে। দ্বিতীয় অধিৱেশনত বাংলা বিভাগৰ অধ্যাপক ড° Bubul Sharma প্ৰাচীন বাংলা লিপিত পোৱা কিছুমান গুৰুত্বপূৰ্ণ পাণ্ডুলিপিৰ প্ৰদৰ্শন কৰে আৰু সেইবোৰৰ আধাৰত পাণ্ডুলিপি অধ্যয়নৰ পদ্ধতি ব্যাখ্যা কৰে। তেওঁ পাণ্ডুলিপিৰ বিভিন্ন সময়কাল, লিখনৰ উপকৰণ, লিখনশৈলী, লিপিকাৰ আৰু গ্ৰন্থকাৰ, পুষ্পিকা আদি বিষয়ৰ লগতে পাণ্ডুলিপিক কীট-পতংগৰ পৰা সুৰক্ষিত ৰাখিবলৈ ব্যৱহৃত পৰম্পৰাগত প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতিৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰে। তৃতীয় অধিৱেশনত প্ৰফেচৰ গোবিন্দ শর্মাই পাণ্ডুলিপিৰ মেটাডাটা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত বক্তৃতা আগবঢ়ায়। তেওঁ ব্যাখ্যা কৰে যে কোনো পাণ্ডুলিপিৰ মেটাডাটা প্ৰস্তুত কৰাৰ সময়ত বহুতো গুৰুত্বপূৰ্ণ দিশৰ ওপৰত লক্ষ্য ৰাখিব লাগে, যেনে—ক্লাষ্টাৰৰ নাম, গ্ৰন্থৰ নাম, গ্ৰন্থৰ পৰিচয়, বিষয়, গ্ৰন্থকাৰ, ভাষা, লিপি, টীকা, পুষ্পিকা আদি। তেওঁ লগতে কয় যে সুশৃঙ্খল মেটাডাটা প্ৰস্তুতকৰণে পাণ্ডুলিপিৰ অধ্যয়ন আৰু সংৰক্ষণ প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ কৰি তোলে। চতুৰ্থ অধিৱেশনত ভাষাতত্ত্ব বিভাগৰ অধ্যাপক ড° অমলেন্দু চক্ৰবৰ্তী য়ে ভাৰতৰ বিভিন্ন লিপি আৰু সিহঁতৰ বৈশিষ্ট্যৰ ওপৰত বিস্তৃত বক্তৃতা আগবঢ়ায়। তেওঁ বাংলা, দেৱনাগৰী, তিব্বতী, কন্নড় আৰু নেৱাৰী আদি ভাৰতীয় লিপিৰ ইতিহাস, গঠন আৰু ব্যৱহাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। এই এদিনীয়া কৰ্মশালাত সংস্কৃত, হিন্দী, বাংলা আৰু ভাষাতত্ত্ব বিভাগৰ প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও আন বিভাগসমূহৰ বহু অধ্যাপক-অধ্যাপিকাও এই অনুষ্ঠানত উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটো সঞ্চালনা কৰে সংস্কৃত বিভাগৰ গৱেষক বিক্ৰম বিশ্বাসে কৰ্মশালাৰ সমাপনী অধিৱেশনত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শেষত “বন্দে মাতৰম্” গীতৰ সমবেত পৰিৱেশনৰ মাজেৰে এই একদিনীয়া কৰ্মশালাৰ সফল সমাপ্তি ঘটে। এই উপলক্ষে উপস্থিত সকলো বিদ্বানে পাণ্ডুলিপি সংৰক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰত এই ধৰণৰ শৈক্ষিক উদ্যোগক অতি উপযোগী আৰু সময়োপযোগী বুলি মন্তব্য কৰে।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular