34.1 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeশেহতীয়া খবৰদুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত "কৃষক মেলা-২০২৬"

দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত “কৃষক মেলা-২০২৬”

দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত “কৃষক মেলা-২০২৬”

 *ভিন্ন সামগ্ৰীৰ বিপনীৰে ভৰি পৰিছে কৃষি কাৰ্যালয়ৰ চৌহদ* 

দুৰ্নীতিৰ দৰ্পন মৰিগাঁও সদৰ ১২ মাৰ্চ : মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ সৌজন্যত আজিৰে পৰা আৰম্ভ হৈছে “কৃষক মেলা-২০২৬”। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক মেলা খনৰ বৃহস্পতিবাৰে শুভ উদ্বোধনী কৰে জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত জিলা কৃষি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীয়ে কৃষি বিভাগৰ দ্বাৰা আয়োজিত কৃষক মেলাখনে জিলাখনৰ কৃষক সকলৰ লগতে কৃষি খণ্ডৰ বাবে এক বৃহৎ মঞ্চত পৰিণত হোৱা বুলি মন্তব্য কৰে। ইয়াৰ উপৰি কৃষিৰ জৰিয়তে জনজাগৰণ সৃষ্টি কৰা, কৃষক সকলে যাতে আঁচনিৰ সুবিধা নিয়াৰিকৈ লাভ কৰে, কৃষি খণ্ডত উদ্ভাৱনীয়তা আদি প্ৰসংগ আলোকপাত কৰে। অনুষ্ঠানৰ অংশ স্বৰুপে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পেৰেড অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰণ লাভ কৰা প্ৰগতিশীল কৃষক ৰাজু মণি ভূঞা আৰু জুণ্টি ভূঞাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমন্ত্ৰিত শিল্পীৰ সমবেত সংগীতৰ দ্বাৰা শুভাৰম্ভনি কৰা উক্ত অনুষ্ঠানতে আন্ত:ৰাষ্ট্ৰীয় নাৰী বৰ্ষৰ লগত সংগতি ৰাখি নাৱাৰ্ডৰ দ্বাৰা ১২ গৰাকী প্ৰগতিশীল উদ্যমী মহিলা কৃষকক সম্বৰ্ধনা জনোৱা হয়। এইবেলি আয়োজিত কৃষক মেলাখনে সামৰি লৈছে কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী, বিভিন্ন বিভাগৰ দ্বাৰা উৎপাদিত উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী প্ৰদৰ্শন, ক্ৰেতা-বিক্তেতা সন্মিলন, ডিজিটেল ব্যৱসায়ৰ প্ৰশিক্ষণ, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্র, আধুনিক কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী, কৃষকৰ প্ৰশিক্ষণ ইত্যাদি। উল্লেখ্য যে, কৃষক মেলা খনত জিলা প্ৰশাসনৰ অধীনৰ বিভিন্ন বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, আত্ম সহায়ক গোট, কৃষক উৎপাদক কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে ২৫ খন বিপনী সামৰি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়। বিভিন্ন বিপনীত কৃষকৰ দ্বাৰা উৎপাদিত ফচলে বিশেষকৈ কৃষক মেলালৈ অহা সকলো কৃষককে বিশেষ ভাৱে আকৰ্ষিত কৰিছে। কৃষক মেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ ৰূপে এক “ক্ৰেতা-বিক্ৰেতা” সন্মিলনৰো আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ডিজিটেল ব্যৱসায় প্ৰশিক্ষণ, উৎপাদিত শস্যৰ বজাৰ আৰু মূল্য সংযোজন আদি বিষয়ত বিশদভাৱে আলোচনা কৰা হয়। কৃষি উপ পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকাই আতধৰা আজিৰ অনুষ্ঠানত নাবাৰ্ডৰ জিলা প্ৰৱন্ধক কে. সবিতা দেৱী, মহকুমা কৃষি বিষয়া তথা ন’ডেল বিষয়া মুচাহিদ ফাৰুকী, মেহেদী আৰিফ হুছেইন, আত্মাৰ ডেপুটী প্ৰজেক্ট ডাইৰেক্টৰ হীৰামণি দাস, জিলা মীন বিষয়া, জিলা পশুপালন বিষয়া, আনুসংগিক বিভাগৰ বিষয়া সকল, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, অজিত শৰ্মা, জিতুমণি নাথৰ লগতে জিলা কৃষি বিভাগৰ সংশ্লিষ্ট সকলো  কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, আত্মাৰ ATM, BTM সকল উপস্থিত থাকে। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত কৃষক মেলাৰ শুক্ৰবাৰে আয়োজিত হ’বলগীয়া বিভিন্ন কাৰ্যসূচীত কৃষক ৰাইজৰ উপস্থিতি জিলা কৃষি বিষয়া গৰাকী বিনম্ৰতাৰে কামনা কৰিছে।

RELATED ARTICLES
Lucknow
light rain
34.9 ° C
34.9 °
34.9 °
46 %
3.3kmh
97 %
Sat
34 °
Sun
34 °
Mon
34 °
Tue
29 °
Wed
29 °

Most Popular