এজাক বৰষুণতে উন্মোচিত হ’ল উন্নয়নৰ প্ৰকৃত স্বৰূপ , ঘগ্ৰাপাৰ – তামুলপুৰ পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুৰ্ভোগ , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ পাছতো সুফল নাপালে ৰাইজে
ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন , ১৪ মাৰ্চঃ নলবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ অধিকাংশ বাট -পথ বিধ্বস্ত হৈ থকাৰ উপৰিও সমষ্টিটোৰ অন্তৰ্গত তথা নলবাৰী জিলাৰ এটি গুৰুত্বপূৰ্ণ পথ ঘগ্ৰাপাৰ হাইৱে চ’কৰ পৰা ঘগ্ৰাপাৰ- তামুলপুৰ পথটোত ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ থকাত আজি পু্ৱা এজাক বৰষুণ পৰাৰ ফলত পথৰ ওপৰত একাঁঠু পৰ্যন্ত পানী হোৱাত ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ আনহাতে সভাই সমিতিয়ে একাংশই উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে এজাক বৰষুণতে উন্নয়নৰ প্ৰকৃত স্বৰূপ উন্মোচিত হোৱা বুলি ভিন্ন মহলত গুণগুণনি চলিছে ৷ তদুপৰি বৰষুণ দিলে পথটোৰ পৰা পানী ওলাই যাবলৈ কোনো ব্যৱস্থা নথকাৰ লগতে স্থানীয় যান- বাহনৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা গধূৰ যান- বাহন অতি মাত্ৰাত চলাচল কৰাৰ ফলত পথটো এনেদৰে বিধ্বস্ত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷ আনকি ভূটানৰ যান- বাহন ওৰে নিশা চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত টোপনি যোৱাৰ পৰিৱেশ নাথাকে বুলিও পথটোৰ কাষত বসবাস কৰা লোক সকলে সদৰী কৰে ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ঘগ্ৰাপাৰ চ’কৰ সমীপৰ পৰাই পথটোৰ অৱস্থা জৰাজীৰ্ণ হোৱাৰ লগতে মাজে মাজে পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত পথটোৰে যাতায়তৰ অসুবিধা হৈ পৰিছে ৷ নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ঘগ্ৰাপাৰ-তামুলপুৰ পথটোৰ বিধ্বস্ত ৰূপে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী ৰাইজক দুৰ্ভোগ ভোগাই আহিছে যদিও ঊৰ্ধতন কৰ্তৃপক্ষই অলপো গুৰুত্ব দিয়া নাই বুলি ৰাজহুৱা অভিযোগ উঠিছে। উল্লেখ্য যে বাৰিষা অহাৰ লগে লগে উক্ত পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ ফলত এজাক বৰষুণ পৰিলেই পথটোৰ ঠায়ে ঠায়ে পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰাত ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰীয়ে চলাচল কৰাৰ ক্ষেত্ৰত যন্ত্ৰণা ভুগিব লগা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰিছে। আনহাতে বৰষুণৰ ফলত পথটোত জমা হোৱা পানী ভাগ ওলাই যাবলৈ ব্যৱস্থা নথকাৰ ফলতো এনেদৰে পানী জমা হৈ থকা পথটোৰে যান বাহন চলাচল কৰিলে সোনকালে পথটো জৰাজীৰ্ণ হৈ পৰে বুলিও সদৰী কৰে ৷ প্ৰায় দুই – আঢ়ৈ বছৰ মান পূৰ্বে উক্ত পথটো লোক নিৰ্মাণ বিভাগে মেৰামতি কাৰ্য সম্পন্ন কৰিছিল যদিও ঠিকাদাৰৰ কামৰ নিম্নমানদণ্ড আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাত্ৰাধিক সৰু বৰ যান- বাহন চলাচলৰ বাবে পথটো বিধ্বস্ত হোৱাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । ইফালে উক্ত পথটোৰ কাষতে কেইবাখনো চৰকাৰী-বেচৰকাৰী স্কুল থকাৰ পৰিপ্ৰেক্ষিতত স্কুললৈ অহা- যোৱা কৰাৰ ক্ষেত্ৰত নিতৌ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰীয়ে নৰক-যন্ত্ৰণা ভুগিব লগা হৈছে ৷ আনহাতে পথটোৰ ঘগ্ৰাপাৰ হাইৱে চ’কৰ কাষৰ পৰাই বখলা বখলে এৰাই গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ টেঙাবাৰী, পোনৰকাউনীয়া, বৰাজোল, ভিঠামহল, খাটিকুছি, সোনকুৰিহা আদিকে ধৰি পথটোৰ ভিন্ন স্থানত মাজে মাজে এনেদৰে বিধ্বস্ত হোৱাত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে ঘগ্ৰাপাৰৰ এখন সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উক্ত পথটোৰ বিষয়ে অৱগত কৰিছিল যদিও আজি পৰ্যন্ত পথটো নিৰ্মাণ কাৰ্যৰ ব্যৱস্থা নহ’ল বুলি খেদ প্ৰকাশ কৰে। আনহাতে পথটোৰ মেৰামতিৰ দাবীত বিগত দিন সমূহত স্থানীয় ৰাইজৰ সহযোগত শিক্ষাৰ্থী – শিক্ষাগুৰু সকলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰিছিল। আন্দোলনৰ পিছদিনাই ঠায়ে ঠায়ে দুই এক ট্ৰেক্টৰ শিল বালি ছটিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও সমস্যাৰ সমাধান নহল। ইপিনে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদেও স্থানীয় প্ৰশাসনৰ জৰিয়তে জিলা প্ৰশাসনক পথটো অতিশীঘ্ৰে পুনঃ নিৰ্মাণৰ দাবী জনাইছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আছু-যুৱ ছাত্ৰ পৰিষদে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে ছাত্ৰ-ছাত্ৰী তথা পথচাৰীৰ দুৰ্ভোগ নাইকীয়া কৰাৰ বাবে স্থানীয় ৰাইজ তথা সংগঠন দুটাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শীঘ্ৰে পথটো পুনৰ্নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্ত্তৃপক্ষক দাবী জনাইছে ৷

