35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমমৰিগাঁও মহাবিদ্যালয়ত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

মৰিগাঁও মহাবিদ্যালয়ত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

মৰিগাঁও মহাবিদ্যালয়ত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

দুৰ্নীতিৰ দৰ্পন , মৰিগাঁও সদৰ, ১৪ মাৰ্চ : সমাগত অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি মৰিগাঁও মহাবিদ্যালয়ত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয়। আজিৰ প্ৰশিক্ষণত ২০০ ৰো অধিক মহিলা ভোটগ্ৰহণকাৰী বিষয়াই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণকালত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া অনামিকা তেৱাৰী উপস্থিত থাকি মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলক উৎসাহিত কৰে। তেওঁ কয় যে গণতন্ত্ৰৰ এই মহা উৎসৱত ভোটগ্ৰহণকাৰী বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ পাই মহিলাসকলে গৰ্ব অনুভৱ কৰা উচিত। মহিলা বিষয়াৰ নেতৃত্বত ভোটগ্ৰহণ প্ৰক্ৰিয়া অতি শৃংখলিত আৰু নিয়াৰিকৈ সম্পন্ন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰশিক্ষণকালত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা আৰু ৰাকেশ ডেকাই ভোটগ্ৰহণৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত কৰে। প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, নিৰ্বাচন বিষয়া ইন্দ্ৰজিৎ দাস, সহকাৰী আয়ুক্ত হিমাশ্ৰী ডেকা আৰু নম্রতা চাহুৰ লগতে মাষ্টাৰ ট্ৰেইনাৰসকল উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
overcast clouds
31.2 ° C
31.2 °
31.2 °
65 %
7.9kmh
96 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
29 °

Most Popular