40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমজাগীৰোডৰ কেইবাখনো বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি , শ্বহীদ সূৰ্য বৰা মাধ্যমিক...

জাগীৰোডৰ কেইবাখনো বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি , শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় আৰু প্ৰিয় নেওগ হাইস্কুলত জীতেন বৰুৱা, ভবেন বৰাৰ যোগদান

জাগীৰোডৰ কেইবাখনো বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি , শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় আৰু প্ৰিয় নেওগ হাইস্কুলত জীতেন বৰুৱা, ভবেন বৰাৰ যোগদান

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ১৩ মাৰ্চ: অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্গত ৰাজ্যৰ বহু বিদ্যালয়ত দীৰ্ঘদিন ধৰি স্থায়ী প্ৰধান শিক্ষকৰ পৰিবৰ্তে কিছু সংখ্যক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে বিদ্যালয় সমূহ পৰিচালিত হৈ আহিছিল।এই সমস্যা সমূহ দূৰ কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ খালি হৈ থকা বহু শিক্ষকৰ পদ পূৰণ কৰাৰ উদ্দেশ্যে নতুন শিক্ষকৰ নিযুক্তিৰ সমান্তৰালকৈ একাংশ শিক্ষকক স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে। মৰিগাঁও জিলাটো প্ৰায় ২২ খন বিদ্যালয়ত প্ৰধান শিক্ষক মকৰল কৰে। তাৰে অংশস্বৰূপে তেতেলীয়া মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভবেন বৰাক বৃহত্তৰ জাগী ভকগাঁও অঞ্চলৰ সৰু কুলৈস্থিত প্ৰিয় নেওগ হাইস্কুলত আৰু বাঘজাপস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত বাংফৰ-বেলগুৰি মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতেন বৰুৱাই আজি প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শান্তনু হাজৰিকা, উপ-সভাপতি অভিনৱ বৰঠাকুৰ, সদস্য জয়ন্ত শইকীয়া, থানেশ্বৰ ডেকা, বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সমতাবালা সৰকাৰ, জ্যেষ্ঠ শিক্ষক বাবুল ডেকা, সংগীতা শৰ্মা, গীতাঞ্জলি বৰুৱা প্ৰমুখ্যে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত নৱ নিযুক্ত প্ৰধান শিক্ষক জিতেন বৰুৱাক আনুষ্ঠানিকভাৱে আদৰণি জনায় । লগতে এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত নিশ্চিত ধনাত্মক প্ৰভাৱ পৰিলক্ষিত হ’ব বুলি আনন্দ প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular