36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমবৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ আমছুৰ প্ৰতিবাদ:

বৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ আমছুৰ প্ৰতিবাদ:

বৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ আমছুৰ প্ৰতিবাদ:

আব্দুল মালেক আহমেদ, দুৰ্নীতিৰ দৰ্পণ গোসাইগাৱ ১৬ মাৰ্চ:
ক’লা বেজ পৰিধান কৰি মানৱ শৃংখল কাৰ্যসূচী ৰাজ্য চৰকাৰৰ শেহতীয়া কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (আমছু)। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এক এঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে বিগত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। ভাৰতৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নামত থকা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতালৰ নাম সলনি কৰি কেৱল ‘বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল’ কৰাৰ চৰকাৰী সিদ্ধান্তক আমছুৱে সাম্প্ৰদায়িক মনোভাবাপন্ন বুলি অভিহিত কৰিছে। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ: কামৰূপ জিলাৰ বৰুৱাত চলোৱা শেহতীয়া ‘অমানৱীয়’ উচ্ছেদৰ বিৰুদ্ধেও সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
বিয়লি ৪ বজাত গোঁসাইগাৱ মহকুমাৰ পদ্মবিল স্থিত হোমা স্কুলৰ ওচৰত আয়োজিত এই কাৰ্যসূচীত পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সাধাৰন সম্পাদক সফিকুল ইছলামৰ লগতে সংগঠনৰ সদস্য বৃন্দ সকলে ক’লা বেজ পৰিধান কৰি একত্ৰিত হৈ প্ৰতিবাদ গঢ়ি তোলে।
প্ৰতিবাদৰ শেষত আৰক্ষীৰ যোগেদি চৰকাৰ লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুয়ে

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular