36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমপ্ৰদ্যুত বৰদলৈৰ পিছত এইবাৰ দল এৰাৰ হুংকাৰ লাহৰিঘাটৰ তিনিজন জিলা পৰিষদ সদস্যৰ

প্ৰদ্যুত বৰদলৈৰ পিছত এইবাৰ দল এৰাৰ হুংকাৰ লাহৰিঘাটৰ তিনিজন জিলা পৰিষদ সদস্যৰ

প্ৰদ্যুত বৰদলৈৰ পিছত এইবাৰ দল এৰাৰ হুংকাৰ লাহৰিঘাটৰ তিনিজন জিলা পৰিষদ সদস্যৰ

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী,১৬ মাৰ্চ: লাহৰিঘাট সমষ্টিত কংগ্ৰেছ দলৰ ভিতৰত পুনৰ দেখা দিছে তীব্ৰ অসন্তোষ।বিধায়ক আছিফ নাজাৰৰ বিৰুদ্ধে এইবাৰ মুকলি প্ৰতিবাদ সাব্যস্ত কৰিছে লাহৰিঘাট অঞ্চলৰ তিনিজন জিলা পৰিষদ সদস্যই আৰু কংগ্ৰেছ কৰ্মী সকলে । জানিব পৰা মতে মৈৰাবাৰী জিলা পৰিষদ, ভূৰাগাঁও জিলা পৰিষদ আৰু লাহৰিঘাট জিলা পৰিষদৰ সদস্যসকলে আজি স্পষ্টভাৱে ঘোষণা কৰিছে যে আগন্তুক নিৰ্বাচনত যদি দলটোৱে ডা° ফৰিদুল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান নকৰে, তেন্তে তেওঁলোকে দল এৰি বিকল্প সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।তেওঁলোকৰ অভিযোগ অনুসৰি, বিধায়ক আছিফ নাজাৰৰ নেতৃত্বত সমষ্টিটোত বহুদিন ধৰি অসন্তোষ বৃদ্ধি পাইছে আৰু বহু কৰ্মী-সমৰ্থকেও অসন্তুষ্ট হৈ আছে। এই পৰিস্থিতিত বিকল্প হিচাপে ডা° ফৰিদুল হুছেইনক প্ৰাৰ্থীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে তেওঁলোকে। জিলা পৰিষদ সদস্যসকলে কয় যে, সমষ্টিৰ ৰাইজ আৰু দলীয় কৰ্মীসকলৰ মাজত ডা° ফৰিদুল হুছেইনৰ প্ৰতি যথেষ্ট সমৰ্থন আছে।সেইবাবে দলটোৱে যদি ৰাইজৰ মতামতক গুৰুত্ব নিদিয়ে, তেন্তে তেওঁলোকে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে। ইতিমধ্যে এই ঘটনাই লাহৰিঘাট সমষ্টিৰ কংগ্ৰেছ ৰাজনীতিত চাঞ্চল্য সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে ইয়াৰ আগতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কেন্দ্ৰ কৰি ৰাজনৈতিক অস্থিৰতা দেখা গৈছিল। এতিয়া পুনৰ তিনিজন জিলা পৰিষদ সদস্যৰ এই হুংকাৰে সমষ্টিটোৰ ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে। দলীয় নেতৃত্বই এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই যদিও ঘটনাটোক লৈ দলৰ ভিতৰত তীব্ৰ আলোচনা চলি থকা বুলি ৰাজনৈতিক মহল আৰু ভোটাৰ ৰাইজে ধাৰণা কৰিছে।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular