39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeখেলবৰপেটা ৰাইনো ক্লাৱত জিলা ভিত্তিত ইকো -হেকাথন আৰু প্ৰদৰ্শনী

বৰপেটা ৰাইনো ক্লাৱত জিলা ভিত্তিত ইকো -হেকাথন আৰু প্ৰদৰ্শনী

বৰপেটা ৰাইনো ক্লাৱত জিলা ভিত্তিত ইকো -হেকাথন আৰু প্ৰদৰ্শনী

জয়নাল আব্দীন দূৰ্নীতিৰ দৰ্পণ,বৰপেটা,১৭ মাৰ্চ: আজি ভাৰত চৰকাৰৰ পৰিবেশ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত আৰু বৰপেটা জিলাৰ এটি অগ্ৰণী এন জি অ’ ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত বৰপেটা ৰাইনো ক্লাৱত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত জিলা ভিত্তিত ইকো- হেকাথন আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়। পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ জিলা সমন্বয়ক তথা ভেৰালদী ৰুৰেল ডেভলপমেণ্ট এচোছিয়েচনৰ সম্পাদক মহিদুল ইছলামৰ তত্বাৱধানত অনুষ্ঠিত প্ৰদৰ্শনীত সমল ব্যক্তি হিচাপে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ জয়দেব মণ্ডল আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় সহকাৰী অধ্যাপক ড: ক্ষিৰোধ শংকৰ দাস উপস্থিত থাকে । বৰপেটা জিলা পৰিমণ্ডলৰ অন্তৰ্গত ৪০ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশৰ ওপৰত বিশেষকৈ আৱৰ্জনাৰ পৰা সম্পদলৈ,নগৰ এখনৰ বহনক্ষম সংৰক্ষণ,পানী ফিল্টাৰ, পেলনীয়া পানীক বিশুদ্ধ পানীলৈ ৰূপান্তৰিত কৰাৰ আৰ্হি,অৰ্গেনিক ফাৰ্ম,আমাৰ পৃথিৱী, আমাৰ দায়িত্ব,এৰ’পনিক্স, ঘৰুৱা খেতি,বৰষুণৰ পানী সংগ্ৰহ কৰা‌কে আদি কৰি বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰে । প্ৰদৰ্শিত বিভিন্ন আৰ্হি পৰ্যবেক্ষণ কৰি তিনিখন‌ স্কুলৰ ছাত্ৰ ছাত্ৰী পুৰস্কৃত কৰা হয় ।

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular