30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeখেলবামুন্দী প্ৰিমিয়াৰ লীগত বামুন্দী বুনিয়াদী বাদাৰ্চ চেম্পিয়ন ---

বামুন্দী প্ৰিমিয়াৰ লীগত বামুন্দী বুনিয়াদী বাদাৰ্চ চেম্পিয়ন —

বামুন্দী প্ৰিমিয়াৰ লীগত বামুন্দী বুনিয়াদী বাদাৰ্চ চেম্পিয়ন —

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো ১২এপ্ৰিল,কামৰূপ জিলাৰ ক্রীড়া এখনি অগ্ৰণী গাওঁ বামুন্দীত গাওঁ খনৰ প্ৰতিজন যুৱকৰ সৈতে একতা আৰু ভাতৃত্ববোধ সম্পৰ্কৰ প্ৰতিশ্ৰুতিৰে যোৱা ১৫ মাৰ্চৰ পৰা বামুন্দী হাইস্কুল খেলপথাৰত চলি থকা বামুন্দী প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন আজি আবেলি বামুন্দী বুনিয়াদী বাদাৰ্চ আৰু তিনিচুবুৰী ক্রিকেট ক্লাৱৰ মাজত অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ ফাইনেল খেল খনত বুনিয়াদী বাদাৰ্চ ক্রিকেট ক্লাৱে ৩ উইকেটত জয়ী হৈ প্ৰতিযোগিতা খনত চেম্পিয়ন খিতাপ লাভ কৰে। প্ৰতিযোগিতা খনত গাওঁ খনৰ প্ৰত্যেক চুবুৰীৰ পৰা একোটিকৈ দল গঠন কৰি দহটা দলে প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰে ।তিনিচুবুৰী ক্রিকেট ক্লাৱৰ খেলূৱৈ শংকৰ কলিতা প্ৰতিযোগিতা খনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ আৰু সৰ্বশ্ৰেষ্ঠ ব’লাৰ, ফাইনেল খেল খনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ দেবাশীষ কলিতা, সৰ্বশ্ৰেষ্ঠ শৃংখলাবদ্ধ দল নাৰায়ণপুৰ ক্রিকেট ক্লাবে লাভ কৰে। বামুন্দী প্ৰিমিয়াৰ লীগৰ সভাপতি পংকজ কলিতাই আত ধৰা বটাঁ বিতৰণী সভাখনত বিশিষ্ট সমাজকৰ্মী সূৰ্যকান্ত কলিতা আৰু গুৰু প্ৰসাদ শৰ্মাই বামুন্দী প্ৰিমিয়াৰ লীগক ধন্যবাদ জ্ঞাপন কৰে। বটাঁ বিতৰণী সভাখনত প্ৰণৱ কুমাৰ শৰ্মা, বৰদাকান্ত শৰ্মা, অৰূপজ্যোতি কলিতা, জ্যোতিৰ্ম্মই কলিতা, ভাস্কৰজ্যোতি কলিতা, কেইবাজনো বিশিষ্ট সমাজকৰ্মী আৰু প্ৰাক্তন খেলুৱৈ উপস্হিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular