36.3 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমচামগুৰিত এ আই ইউ ডি এফৰ প্ৰাৰ্থিত্ব লাভ কৰি আৱেগিক আব্দুল আজিজ

চামগুৰিত এ আই ইউ ডি এফৰ প্ৰাৰ্থিত্ব লাভ কৰি আৱেগিক আব্দুল আজিজ

চামগুৰিত এ আই ইউ ডি এফৰ প্ৰাৰ্থিত্ব লাভ কৰি আৱেগিক আব্দুল আজিজ
দুৰ্নীতিৰ দৰ্পণ, আঞ্জাৰ হুছেইন – ৰুপহী ১৭ , মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম হৈ থকাৰ সময়তে আজি চামগুৰি সমষ্টিত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। সমষ্টিটোত এ আই ইউ ডি এফ (AIUDF) দলৰ আনুষ্ঠানিক প্ৰাৰ্থিত্ব লাভ কৰি আৱেগিক হৈ পৰে দলীয় নেতা আব্দুল আজিজ। বহু অপেক্ষা আৰু জল্পনা-কল্পনাৰ অন্তত দলীয় টিকট লাভ কৰি সমষ্টিত উপস্থিত হোৱা আব্দুল আজিজক কেইবা শতাধিক সমৰ্থকে বিপুল সম্বৰ্ধনা জনায়। বিয়লি ভাগত দলীয় কৰ্মী আৰু ৰাইজৰ এক বৃহৎ সমাৱেশত আজিজক ফুলাম গামোচা আৰু পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত আজিজৰ সৈতে উপস্থিত থাকে ধিংৰ বিধায়ক তথা ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলাম। টিকট লাভ কৰি সংবাদ মাধ্যমৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰি আব্দুল আজিজ আৱেগিক হৈ পৰে। তেওঁ কয়, “মই দলৰ মুৰব্বী মৌলানা বদৰ উদ্দিন আজমল ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ মোৰ ওপৰত আস্থা ৰখাৰ বাবে। চামগুৰিৰ ৰাইজে মোক যি মৰম দিছে, তাৰ বাবে মই চিৰকৃতজ্ঞ।” আগন্তুক নিৰ্বাচনৰ ফলাফলক লৈ অতিশয় আত্মবিশ্বাসী প্ৰাৰ্থীগৰাকীয়ে পুনৰ কয় যে চামগুৰিত যি দলেই প্ৰতিদ্বন্দ্বিতা নকৰক কিয়, তেওঁৰ বিজয় ১০০ শতাংশ নিশ্চিত। সমষ্টিটোৰ সংখ্যালঘু ৰাইজৰ সমৰ্থনৰ ওপৰত ভৰসা কৰি তেওঁ কয়, “যদিহে ৰাইজে মোক জয়ী কৰি বিধানসভালৈ পঠায়, তেন্তে সংখ্যালঘু জাতিৰ অধিকাৰৰ হকে মই সদায় মাত মাতি যাম। ৰাইজৰ স্বাৰ্থত মই কোনো ধৰণৰ আপোচ (Compromise) নকৰোঁ।” চামগুৰি সমষ্টিত আব্দুল আজিজৰ এই প্ৰাৰ্থিত্বই নিৰ্বাচনী যুঁজখন অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিছে। বিশেষকৈ সংখ্যালঘু ভোটাৰৰ মাজত আজিজৰ এই শক্তিশালী স্থিতি এতিয়া আন ৰাজনৈতিক দলসমূহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
42 %
3.9kmh
93 %
Sat
36 °
Sun
38 °
Mon
35 °
Tue
29 °
Wed
29 °

Most Popular