36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমনগাঁও জিলাৰ ভোটিং মেচিনৰ যাদৃচ্ছিকীকৰণ সম্পন্ন

নগাঁও জিলাৰ ভোটিং মেচিনৰ যাদৃচ্ছিকীকৰণ সম্পন্ন

নগাঁও জিলাৰ ভোটিং মেচিনৰ যাদৃচ্ছিকীকৰণ সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৮ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশস্বৰূপে বুধবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয়। জিলাখনৰ অন্তৰ্গত সাতটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৫৫ নং ধিং, ৫৬ নং ৰূপহীহাট, ৫৭নং কলিয়াবৰ, ৫৮ নং চামগুৰি, ৫৯ নং বঢ়মপুৰ, ৬০ নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) সমষ্টিৰ বাবে ই.ভি.এম. আৰু ভি.ভি.পেট. যন্ত্ৰৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই বিশেষ কাৰ্যসূচীত সভাপতিত্ব কৰে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উক্ত প্ৰক্ৰিয়াটো জিলাখনৰ বিভিন্ন স্বীকৃত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ প্ৰত্যক্ষ উপস্থিতিত কম্পিউটাৰাইজড পদ্ধতিৰে যাদৃচ্ছিকীকৰণ সম্পন্ন কৰা হয় যাতে ভোটিং মেচিনৰ বিতৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে সন্দেহমুক্ত হৈ থাকে। অনুষ্ঠানত নিৰ্বাচন বিষয়া শেখৰণ ফুকন আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী প্ৰমুখ্যে নিৰ্বাচন কাৰ্যালয়ৰ বিষয়ববীয়া তথা কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular