39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeঅসমপৰ্যবেক্ষকৰ দ্বাৰা কামৰূপ জিলাত নিৰ্বাচনী প্ৰস্তুতি পৰ্যবেক্ষণ

পৰ্যবেক্ষকৰ দ্বাৰা কামৰূপ জিলাত নিৰ্বাচনী প্ৰস্তুতি পৰ্যবেক্ষণ

পৰ্যবেক্ষকৰ দ্বাৰা কামৰূপ জিলাত নিৰ্বাচনী প্ৰস্তুতি পৰ্যবেক্ষণ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৮ মাৰ্চঃ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কামৰূপ জিলাৰ ৩০ নং হাজো-শুৱালকুছি, ৩১ নং ৰঙিয়া আৰু ৩২ নং কমলপুৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ড° এছ. ভাৰথি দাচন (৯১৮১৬-১১৩৬১) আৰু ২৭ নং ছমৰীয়া, ২৮ নং বকো-ছয়গাঁও আৰু ২৯ নং পলাশবাৰী তিনিটা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক দেৱেন্দ্ৰ কুমাৰ পাণ্ডে (৬০০৩০-৯৫৪৩৪) বুধবাৰে জিলাখনত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ জিলা খনত উপস্থিত হৈ সাধাৰণ পৰ্যবেক্ষক গৰাকীদ্বয়ে ছয়টা বিধানসভা সমষ্টি নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভত সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়া (RO) সকলৰ সৈতে বিস্তৃত আলোচনা কৰি নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ সাধাৰণ পৰ্যবেক্ষকদ্বয়ে গুৰুত্বপূৰ্ণ বিষয়সমূহ, যেনে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ চিনাক্তকৰণ, মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাৰ লগতে ছেক্টৰ আৰু জ’নেল বিষয়া আদি নিয়োগ সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷ তেওঁলোকে জিলাখনত নিৰ্বাচন আচৰণ বিধি বলবৎ, ইতিমধ্যে জব্দ কৰা সামগ্ৰী আৰু জিলা খনৰ বিভিন্ন স্থানত স্থাপন কৰা সুৰক্ষা ব্যৱস্থা সমূহৰো পৰ্যালোচনা কৰে৷ ইয়াৰ লগতে তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয় চৌহদত উপস্থিত হৈ বিভিন্ন নিৰ্বাচনী কোষৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে উচ্চপদস্থ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে৷ আনহাতে ব্যয় পৰ্যবেক্ষকদ্বয় ক্ৰমে উমেশ কুমাৰ আগৰৱাল (৯৯৫৪৯-০২৩৭০) আৰু কপিল কুমাৰ সিঙ (৯৯৫৪৯-০২৩৪৪)ৰ উপস্থিতিত সহকাৰী ব্যয় পৰ্যবেক্ষক, ব্যয় কোষৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৰিটাৰ্নিং বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভিডিঅ’ চাৰ্ভিলেন্স টিম (ভিএছটি), ষ্টেটিক চাৰ্ভিলেন্স টিম (এছএছটি), ফ্লাইং স্কোয়াড (এফএছটি)ৰ কাৰ্যসূচী আৰু পৰিকল্পনা, স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিনাক্তকৰণ আৰু পূৰ্বৰ জব্দৰ ৰেকৰ্ড আদিৰ ওপৰত এক পৰ্যালোচনাত মিলিত হয়৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত পৰ্যবেক্ষকসকলে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংশ্লিষ্ট বিষয়াসকলক নিৰ্বাচনী আচৰণ বিধি অনুসৰণ কৰি কাম সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে৷

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular