40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমাৰ্ঘেৰিটাত তৃতীয়বাৰলৈ দলীয় টিকট লাভ ভাস্কৰ শৰ্মাৰ, পাঁচ সহস্ৰাধিক দলীয় কৰ্মকৰ্তা-অনুৰাগীয়ে জনালে...

মাৰ্ঘেৰিটাত তৃতীয়বাৰলৈ দলীয় টিকট লাভ ভাস্কৰ শৰ্মাৰ, পাঁচ সহস্ৰাধিক দলীয় কৰ্মকৰ্তা-অনুৰাগীয়ে জনালে উষ্ম আদৰণি

মাৰ্ঘেৰিটাত তৃতীয়বাৰলৈ দলীয় টিকট লাভ ভাস্কৰ শৰ্মাৰ, পাঁচ সহস্ৰাধিক দলীয় কৰ্মকৰ্তা-অনুৰাগীয়ে জনালে উষ্ম আদৰণি

দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা, ১৯ মাৰ্চ: বিজেপিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ লগে লগে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিজেপিৰ কৰ্মকৰ্তা সকল আনন্দত উৎফুল্ল হৈ পৰিছে৷ কাৰণ বিজেপিয়ে প্ৰাক্তন বিধায়ক ভাস্কৰ শৰ্মাক তৃতীয়বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট প্ৰদান কৰিছে৷ আজি গুৱাহাটীৰ পৰা বিমানেৰে আহি প্ৰায় আবেলি প্ৰায় ৩.৩০ বজাত গৃহ সমষ্টিত উপস্থিত হোৱা প্ৰাক্তন বিধায়ক ভাস্কৰ শৰ্মাক পুষ্পসজ্জিত বাহনেৰে পাৱৈ ৰে’ল গে’টৰ পৰা ৰেলী কৰি আদৰি আনে কেইবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে৷ বিজেপি জিন্দাবাদ, ভাস্কৰ শৰ্মা জিন্দাবাদ আদি ধ্বনিৰে একপ্ৰকাৰ মাৰ্ঘেৰিটাৰ ৰাজপথ কঁপাই তোলে৷ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে কেইবা ঘণ্টাজুৰি শাৰী শাৰীকৈ ৰৈ থকা প্ৰাক্তন বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰায় পাঁচ সহস্ৰাধিক অনুৰাগী আৰু কৰ্মকৰ্তাই বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ভাস্কৰ শৰ্মাক পুষ্পবৃষ্টি, গীত-নৃত্য আৰু ঢোলে-ডগৰে আদৰি আনে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চলৈ৷ তৃতীয়বাৰলৈ মাৰ্ঘেৰিটা পৰা বিজেপিৰ টিকট লাভ কৰা ভাস্কৰ শৰ্মাই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় এনেদৰে – “বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্ব, সকলো স্তৰৰ কৰ্মকৰ্তাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো৷ আগন্তুক নিৰ্বাচনত সকলো ভোটাৰ ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিচৰাৰ উপৰিও কাইলৈ অৰ্থাৎ ২০ মাৰ্চ, শুকুৰবাৰে মনোনয়ন দাখিল কৰাৰ সময়ত দলৰ সকলো স্তৰৰ কৰ্মকৰ্তা সকলক উপস্থিত থাকিবলৈ আহ্বান জনালোঁ৷ “

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular