নামৰূপ সাৰ নগৰী বৰ নামঘৰত অবিৰত ভাগৱত পাঠ
দুৰ্নীতি দৰ্পনৰ, নামৰূপ , ২২ মাৰ্চ — দেও বাৰৰ পৰা সাৰ নগৰী বৰ নামঘৰত অবিৰত ভাগৱত পাঠৰ আয়োজন হৈছে। আজি প্ৰতিকূল বতৰকো নেওচি নামৰূপ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ শ শ ভকত বৈষ্ণৱৰ উপস্থিতিত পুৱা ৪.৩০ বজাত ঊষা কীৰ্ত্তনেৰে কাৰ্য্য সূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে ধৰ্ম ধ্বজা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি বীৰেন শইকীয়াই। নামাচাৰ্য আৰু পাঠেকী সকলৰ পৰিচয় পৰ্ব আৰু সম্বৰ্থনা অনুষ্ঠানৰ পিছতে বিভিন্ন স্থানৰ আমন্ত্ৰিত অতিথি সকলৰ দ্বাৰা নামঘৰৰ ভাগৱত স্থাপন পৰিসৰত বত্ৰিশ গছি বন্তি প্ৰজ্বলন কৰা হয়। দিনৰ ১০বজাত নাম প্ৰসঙ্গ আৰব হয়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ শইকীয়াই। দেওবাৰে মুখ্য পাঠেকী হিচাপে থাকে শিৱসাগৰৰ ৰেৱ কান্ত নাথ। সহ পাঠেকী নামৰূপৰ ভোগেশ্বৰ বৰা, নামতি ৰ পদ্ম কাকতি নামৰূপৰ পদ্মেশ্বৰ শইকীয়া, শিৱসাগৰ নামতি দ’লৰ দিগন্ত গগৈ, নমাতি কুঁৱৰী গাঁৱৰ ৰিদিপ দত্ত আৰু নামৰূপৰ ৰতি কান্ত কোঁৱৰ। অহা ২৯মাৰ্চ দেওবাৰে এই কাৰ্য্যসূচী সামৰণি পৰিব।
নামৰূপ সাৰ নগৰী বৰ নামঘৰত অবিৰত ভাগৱত পাঠ
Lucknow
broken clouds
40
°
C
40
°
40
°
22 %
4.7kmh
74 %
Sun
40
°
Mon
44
°
Tue
44
°
Wed
45
°
Thu
45
°

