39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeঅসমডিব্ৰুগড়ত বিশ্বশান্তিৰ বাণী বিলাই শান্তিপূৰ্ণভাৱে ঈদ পালন: জিলাখনত থকা ৩০ মছজিদতো নামাজ...

ডিব্ৰুগড়ত বিশ্বশান্তিৰ বাণী বিলাই শান্তিপূৰ্ণভাৱে ঈদ পালন: জিলাখনত থকা ৩০ মছজিদতো নামাজ অনুষ্ঠিত

ডিব্ৰুগড়ত বিশ্বশান্তিৰ বাণী বিলাই শান্তিপূৰ্ণভাৱে ঈদ পালন: জিলাখনত থকা ৩০ মছজিদতো নামাজ অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ, প্ৰশান্ত শইকীয়া, ডিব্ৰুগড়, ২২ মাৰ্চ: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো ২১ মাৰ্চত পৱিত্ৰ “ঈদুল ফিতৰ“ উৎসৱ পালন কৰা হয়৷ ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ ৰোজা পালন কৰাৰ পাছত ঈদুল ফিতৰ উদযাপন কৰে৷ ডিব্ৰুগড়ৰ “কেন্দ্ৰীয় ঈদগাহ“ত প্ৰায় দহ হাজাৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে৷ “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ ময়দান“ত ঈদৰ নামাজত ইমামতি কৰে ডিব্ৰুগড় নিজ কদমণি মছজিদৰ পেচ ইমাম মৌলানা জাইদ ৰাজা খান কাদ্ৰীয়ে৷ নামাজৰ শেষত ইমাম গৰাকীয়ে বিশ্বশান্তি কামনা কৰি নেদেখাজনৰ ওচৰত দুহাত তুলি দোৱা-প্ৰাৰ্থনা কৰে৷ ডিব্ৰুগড়ত পুৱাৰে পৰা বতৰ ফৰকাল হোৱা বাবে ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ ঈদগাহ“ত প্ৰায় দুই হাজাৰ লোকে নামাজত অংশ গ্ৰহণ কৰে৷ ইয়াত ইমামতি কৰে অসম জামিউল উলুম মাদ্ৰাছাৰ প্ৰধান মৌলানা আলহজ মঞ্জুৰ আহমেদে৷ তেওঁ বিশ্ব শান্তিৰ লগতে দেশৰ, দহৰ বাবেও প্ৰাৰ্থনা কৰে৷ ডিব্ৰুগড়ত থকা ৩০(ত্ৰিশ)টা মছজিদতো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ৰ নালিয়াপুল জামে মছজিদৰ পেচ ইমাম মৌলানা চৈয়দ মোবাৰক হুছেইন, ডিব্ৰুগড় কনভয় ৰোড ন- মছজিদৰ পেচ ইমাম হাফিজ ইনামুল আলি, দক্ষিণ আমোলাপট্টি ৰ’জগলি মছজিদৰ পেচ ইমাম মৌলবী আবু তালিব, তিনিকুনিয়া মছজিদৰ পেচ মৌলানা আতিকুৰ ৰহমান কাচিমি আদিয়ে নিজ নিজ মছজিদত ঈদৰ নামাজত ইমামতি কৰে৷ ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে৷ ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি চেহিৰ আহমদ, ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল চাজিদ, ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আমানউল্লা আনচাৰি, সম্পাদক চৌকত আলি, ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি মৌলানা আইনান জুবেৰী, সম্পাদক নাচিমুল গণি, ডিব্ৰুগড় ইমাম পৰিষদৰ সভাপতি মৌলানা ছবিৰ আহমেদ, সম্পাদক মৌলানা আতিকুৰ ৰহমান কাচিমী, আমোল “আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ“ কমিটিৰ সভাপতি ছবিৰ আহমেদ, সম্পাদক জাৱেদ ৰহমান, থলগিৰি মুছলিম জাতীয় ঐক্য পৰিষদৰ সভাপতি ইমৰান হুছেইন, সম্পাদক আবুলেছ হুছেইন, ডিব্ৰুগড় দাৰুল হাদিছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ সভাপতি মনিৰউদ্দিন আহমেদ, সম্পাদক আৰিফ উদ্দিন আহমেদ আদি বিভিন্নজনৰ লগতে ভিন ভিন অনুষ্ঠান- প্ৰতিষ্ঠানে সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাইছে৷

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular