বিশিষ্ট গল্পকা প্ৰশান্ত শইকীয়ালৈ সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ জাতীয় প্ৰাণ বঁটা -২০২৬ প্ৰদান
নগৰ প্ৰতিবেদক,২৩ মাৰ্চ: সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিৰাক- কাকপথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত, ডিৰাক পুৰণা চোমনি গাঁও আৰু সমগ্র তিনিচুকীয়া জিলাবাসীৰ সহযোগত আয়োজিত দ্বাবিংশতিতম কেন্দ্রীয় পূৰ্ণাংগ অধিৱেশন আৰু তিনিচুকীয়া জিলা সমিতিৰ অষ্টম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপাপ্ত সভাপতি থানোৰাম সোনোৱালৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ( আস্কছু ) কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ( আস্কছু ) কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক নিপোন দাস সোঁৱৰণত জাতীয় প্ৰাণ বঁটা ২০২৬ প্ৰদান কৰা হয় । ভাৰপ্ৰাপ্তৰ সম্পাদক বুধিন সোনোৱালে আঁতধৰা অনুষ্ঠানত মৰ্যদাসহকাৰে এই বঁটা প্ৰদান কৰা হয় সোণোৱাল কছাৰী জাতিৰ সু -সাহিত্যিক, চাচনি গৌৰৱ বঁটা , বীৰ চিলাৰায় বঁটা আদি সন্মানেৰে বিভূষিত তথা বিশিষ্ট গল্পকাৰ, কবি, প্রবন্ধকাৰ, অসম সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক তথা অসম চৰকাৰৰ লোকনির্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা, সোণোৱাল কছাৰী জনগোষ্ঠীৰ তত্ব বিশ্লেষণ,অন্বেষণ, সংস্কৃতিৰ স্বৰ্ণৰেখা সাহিত্য মণীষা দৰ্শনৰ দৰে প্ৰৱন্ধ সংকলেনেৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰশান্ত শইকীয়ালৈ আগবঢ়োৱা হয় এই সন্মান । সোনোৱাল কছাৰী ছাত্ৰ সন্থাই পোনপ্ৰথম বাৰৰ বাবে প্ৰদান কৰা এই বঁটাটি গ্ৰহণ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হয় বিশিষ্ট সমাজসেৱী তথা সাহিত্যিকগৰাকীৰ লগতে শুভাকাংশী সকল। আনহাতে ধুবুৰী জিলাৰ পৰা প্ৰকাশিত দুৰ্নীতিৰ দৰ্পণ নামৰ একমাত্ৰ বাতৰি কাকতখনৰ ‘দশম বৰ্ষপূতি অনুষ্ঠানৰ মুকলি নাগৰিক সভাত প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বটাঁ -গুৱাহাটীত ২২ জানুৱাৰীত ২০২৫ ত প্ৰশান্ত শইকীয়াক প্ৰদান কৰা হৈছিল।
বিশিষ্ট গল্পকা প্ৰশান্ত শইকীয়ালৈ সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ জাতীয় প্ৰাণ বঁটা -২০২৬ প্ৰদান
Lucknow
broken clouds
40
°
C
40
°
40
°
22 %
4.7kmh
74 %
Sun
40
°
Mon
44
°
Tue
44
°
Wed
45
°
Thu
45
°

