40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমকলিয়াবৰ বিধানসভা সমষ্টিত কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাত সংগ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত...

কলিয়াবৰ বিধানসভা সমষ্টিত কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাত সংগ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

কলিয়াবৰ বিধানসভা সমষ্টিত কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাত সংগ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মনোনয়ন দাখিলৰ দিনাই কলিয়াবৰত কেশৱ মহন্তৰ হৈ নিৰ্বাচনি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

দুৰ্নীতিৰ দৰ্পন কলিয়াবৰঃ ২৩ মাৰ্চঃ আজি অগপ-বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তই হাজাৰ হাজাৰ সমৰ্থকক লগতহে লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ। আজিৰ এই শোভ ক্ষনত কেশৱ মহন্তৰ কাষত থিয় দিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ড° হিমন্ত বিশ্ব শৰ্মাক কলিয়াবৰলৈ আদৰনি জনাবলৈ হাজাৰ হাজাৰ লোক উপস্থিত হয় কলিয়াবৰত। এক প্ৰকাৰ লোকে লোকাৰন্য হৈ পৰিল আজি কুৱৰীটোল গান্ধী খেল পথাৰ। প্ৰায় বিশ হাজাৰৰো অধিক লোকৰ সমাগমে আজি উৎফোল্লিত কৰি তোলিলে অগপ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কেশৱ মহন্তক। উল্লেখ যে এই বাৰ অগপ দলৰ প্ৰধান প্ৰতিদ্বন্দি দল কংগ্ৰেছ দলৰ নাই কোনো নিজাববীয়া প্ৰাৰ্থী। এক প্ৰকাৰ এইবাৰ কংগ্ৰেছ শূন্য হ’ল কলিয়াবৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কলিয়াবৰত উপস্থিত হৈ অগপ-বিজেপি মিত্ৰজোতটৰ প্ৰাৰ্থী কেশৱ মহন্তক দলে বলে আহি ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে কলিয়াবৰৰ একাংশ বিজেপি কৰ্মীয়ে নিজাববিয়াকৈ প্ৰাৰ্থীত্ব দিয়াক লৈও এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি মিত্ৰজোটত থাকি মন্ত্ৰিত্ব লাভ কৰা কেশৱ মহন্তৈ নিষ্ঠা সহকাৰে কলিয়াবৰ তথা অসম বাসীৰ হৈ কাম কৰি আহিছে বিশেষকৈ কেশৱ মহন্তৰ অত্যন্ত প্ৰচেষ্টা আৰু বিজেপি চৰকাৰৰ সহযোগত ২০০ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই মাটিৰ পট্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে কোনো এজন চাহ সম্প্ৰদায়ৰ লোকে কেশৱ মহন্তৰ বিৰুদ্ধে নিৰ্বাচনত অবতীৰ্ণ হব নাপায়। ইফালে হাজাৰ হাজাৰ ৰাইজৰ সম্বোধন কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বাৰ নিৰ্বাচনত কলিয়াবৰৰ পৰা কেশৱ মহন্তই ৫০ হাজাৰ ভোটৰ ব্যবধানত বিজয়ী সব্যস্ত কৰিব। ৰাইজে মাত্ৰ এটা দিন কষ্ট কৰি এটা বুটাম টিপি অগপ-বিজেপি মিত্ৰজোতৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰক আগন্তুক ৫ টা বছৰ ৰাইজৰ বাকি থকা অভাৱ অভিযোগ আমি পূৰণ কৰি যাম বুলিও মন্তব্য কৰে জন নেতা ড° হিমন্ত বিশ্ব শৰ্মাই। ইফালে মন্ত্ৰী কেশৱ মহন্তৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ বহু দিন আগতে এটা বিশেষ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আনুষ্ঠানিক ভাবে কেশৱ মহন্তলৈ উপহাৰ ঘোষনা কৰে। এইবাৰ কেশৱ মহন্তক পুনৰ বিপুল ভোটত জয়যুক্ত কৰি পুনৰ অসমত বিজেপি চৰকাৰ অহাৰ বাবে ৰাইজে আশীৰ্বাদ প্ৰদান কৰিলে কলিয়াবৰত এখন বিশ্ববিদ্যালয় উপহাৰ হিচাপে কেশৱ মহন্ত তথা কলিয়াবৰবাসী ৰাইজলৈ আগবঢ়োৱা হব বুলি ঘোষনা কৰে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular