40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমনোনয়নৰ শেষ দিনত শক্তিৰ মহামিছিল মিলন দাসৰ কাষত বিজেপিৰ শীৰ্ষ নেতৃত্ব বাবা...

মনোনয়নৰ শেষ দিনত শক্তিৰ মহামিছিল মিলন দাসৰ কাষত বিজেপিৰ শীৰ্ষ নেতৃত্ব বাবা ছোৱাৰ ভিন্ন ৰাজনৈতিক অৱস্থানত হাইলাকান্দিত বাঢ়িছে জল্পনা

মনোনয়নৰ শেষ দিনত শক্তিৰ মহামিছিল মিলন দাসৰ কাষত বিজেপিৰ শীৰ্ষ নেতৃত্ব বাবা ছোৱাৰ ভিন্ন ৰাজনৈতিক অৱস্থানত হাইলাকান্দিত বাঢ়িছে জল্পনা
প্ৰীতম দাস, হাইলাকান্দি, ২৩ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিনটো উপলক্ষে হাইলাকান্দি জিলাজুৰি দেখা গ’ল ৰাজনৈতিক উত্তেজনা, কৌতূহল আৰু ব্যাপক তৎপৰতাৰ এক বিৰল দৃশ্য৷ পুৱা পুৱাই জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আৰু সমৰ্থকৰ ভিৰ জমা হ’বলৈ আৰম্ভ কৰে৷ এই পৰিৱেশৰ মাজতেই দিনটোৰ আৰম্ভণিতেই সৰ্বপ্ৰথমে মনোনয়ন পত্ৰ জমা দিবলৈ উপস্থিত হয় ১২১ নং হাইলাকান্দি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ মিলন দাস৷ মনোনয়ন জমা দিয়াক কেন্দ্ৰ কৰি বিজেপিৰ ফালৰ পৰা এই দিনটোত এক বিশাল শক্তি প্ৰদৰ্শনৰ আয়োজন কৰা হয়৷ প্ৰাৰ্থী মিলন দাসৰ সৈতে উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া যাৰ আগমনে দলীয় কৰ্মী সমৰ্থকৰ মাজত উৎসাহৰ পৰিৱেশ সৃষ্টি কৰে৷ ইয়াৰ উপৰিও জিলা বিজেপিৰ সভাপতি কল্যাণ গোস্বামীসহ দলৰ একাধিক শীৰ্ষ আৰু স্থানীয় নেতাই একেলগে জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি নিয়ম অনুসৰি মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰে৷ এই দিনটোৰ এই কাৰ্যসূচী কাৰ্যত এক ৰাজনৈতিক শোভাযাত্ৰাত পৰিণত হয়৷ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ, প্ৰদেশ বিজেপিৰ উপ-সভাপতি মুন স্বৰ্ণকাৰ, হাইলাকান্দি পৌৰসভাৰ পৌৰপতি মানব চক্ৰৱৰ্তী আৰু বিজেপিৰ সকলো জিলা পৰিষদৰ সদস্য-সদস্যাৰ উপস্থিতিয়ে এই শক্তি প্ৰদৰ্শনক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে৷ তেওঁলোকৰ সৈতে হাজাৰ হাজাৰ বিজেপি কৰ্মী সমৰ্থকে স্লোগান দি আৰু দলীয় পতাকা লৈ নগৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়ে৷ সম্পূৰ্ণ অঞ্চলটো উৎসৱমুখৰ যদিও ৰাজনৈতিক পৰিৱেশেৰে ভৰপূৰ হৈ উঠে৷ মনোনয়ন জমাৰ এই কাৰ্যসূচীত বিশেষ আকৰ্ষণ হৈ উঠে অসমৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়ৰ উপস্থিতি৷ তেওঁ বিজেপি প্ৰাৰ্থী মিলন দাসক আশীৰ্বাদ জনাবলৈ উপস্থিত হয় যিয়ে ৰাজনৈতিক মহলত যথেষ্ট তাৎপৰ্য বহন কৰে৷ কিন্তু এই উপস্থিতিৰ মাজতেই সৃষ্টি হৈছে এক ভিন্ন ৰাজনৈতিক সমীকৰণ যি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ গৌতম ৰায়ৰ পুত্ৰ ৰাহুল ৰায়ে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে একে সমষ্টিত মিলন দাসৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্ব্বিতাত অৱতীৰ্ণ হৈছে৷ এফালে পিতৃয়ে বিজেপি প্ৰাৰ্থীৰ কাষত থিয় হৈ সমৰ্থন জনাইছে, আনফালে পুত্ৰয়ে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী ময়দানত এই বিৰল আৰু ব্যতিক্ৰমী ৰাজনৈতিক পৰিস্থিতিয়ে হাইলাকান্দিৰ ৰাজনীতিত নতুন মাত্ৰা যোগ কৰিছে৷ সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজতো এই বিষয়টোক লৈ ব্যাপক আলোচনা আৰম্ভ হৈছে৷ সৰ্বমুঠতে মনোনয়নৰ অন্তিম দিনটোতেই হাইলাকান্দিৰ ৰাজনৈতিক পৰিৱেশে স্পষ্টভাৱে ইংগিত দিয়ে যে আগন্তুক বিধানসভা নিৰ্বাচন অতি প্ৰতিদ্বন্দ্ব্বিতাপূৰ্ণ আৰু আকৰ্ষণীয় হ’বলৈ গৈ আছে৷ শক্তি প্ৰদৰ্শন নেতৃত্বৰ উপস্থিতি আৰু পাৰিবাৰিক ৰাজনৈতিক বিভাজনৰ এই অনন্য সমীকৰণে হাইলাকান্দিৰ নিৰ্বাচনী পৰিৱেশক অধিক উত্তেজনাপূৰ্ণ কৰি তুলিছে৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular