ৰাজ্যতপেট্ৰ’ল-ডিজেল পৰ্যাপ্ত মজুত আছে, গ্ৰাহকসকলে আশ্বস্ত হ’ব লাগেঃ মুখ্য সচিব ৰবি কোটা
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২৫ মাৰ্চ: ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই বুধবাৰে টুইট কৰি কয় যে সমগ্ৰ ৰাজ্যতে পেট্ৰ’ল-ডিজেলৰ নাটনি হোৱা নাই। তেল বিপণন কোম্পানী (অ’এমচি) আৰু গুৱাহাটীকে ধৰি অসমৰ সকলো পেট্ৰ’ল আৰু ডিজেল বিপনীৰ সমীক্ষা আৰু সত্যাসত্য নিৰূপণৰ পিছত, এইটো স্পষ্ট হৈ পৰিছে যে ৰাজ্যখনৰ স্বাভাৱিক দৈনিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অ’এমচি ডিপো আৰু খুচুৰা পাম্পবোৰত পৰ্যাপ্ত ইন্ধনৰ মজুত উপলব্ধ আছে। মুখ্য সচিবে জনাইছিল যে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে (আইঅ’চিএল) খুচুৰা বিক্ৰেতাসকলৰ বাবে পৰিশোধৰ চৰ্তাৱলীত সকাহ প্ৰদান কৰিছে। এতিয়া বিক্ৰেতাসকলে ক্ৰয়ৰ তিনি দিনৰ ভিতৰত পৰিশোধ কৰিবলৈ সক্ষম হ’ব, আনহাতে আগতে ইয়াক একেদিনাই বাধ্যতামূলক কৰা হৈছিল। ইয়াৰ ফলত ইন্ধন বিতৰণ শৃংখলত কোনো ব্যাঘাত জন্মাব নোৱাৰে। কোটাই গ্ৰাহকসকলক আত্মবিশ্বাসী হ’বলৈ আৰু তেওঁলোকৰ স্বাভাৱিক প্ৰয়োজনীয়তা অনুসৰি খুচুৰা বিক্ৰীকেন্দ্ৰৰ পৰা ইন্ধন ক্ৰয় অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আৰু স্বাভাৱিক জীৱন যাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে । ৰাজ্য চৰকাৰে ইন্ধন যোগানৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে।

