40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমকুজুপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত সদৌ অসম ট্ৰাইবেল সংঘৰ জিলা অধিবেশন উপলক্ষে প্ৰস্তুতি সভা...

কুজুপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত সদৌ অসম ট্ৰাইবেল সংঘৰ জিলা অধিবেশন উপলক্ষে প্ৰস্তুতি সভা অনুষ্ঠিত

কুজুপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত সদৌ অসম ট্ৰাইবেল সংঘৰ জিলা অধিবেশন উপলক্ষে প্ৰস্তুতি সভা অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পণ,তিনিচুকীয়া,জাহ্নুশ্যাম সোনোৱাল,২৫ মাৰ্চঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুজুপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত অহা ২৩ আৰু ২৪ মে, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ অধিবেশনক সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে আজি এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত স্থানীয় ৰাইজ, সংগঠনৰ বিষয়ববীয়া আৰু বিভিন্ন শাখাৰ প্ৰতিনিধিসকল উপস্থিত থাকি আগন্তুক অধিবেশনখন সাফল্যমণ্ডিত কৰিবলৈ বিস্তৃত আলোচনা কৰে। সভাত অধিবেশনখনৰ বাবে প্ৰস্তুতি, ব্যৱস্থা-পৰিকল্পনা, অতিথি অভ্যর্থনা, সাংস্কৃতিক কাৰ্যসূচী আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বক্তাসকলে কয় যে, এই অধিবেশনখনৰ জৰিয়তে জনজাতীয় সমাজৰ বিভিন্ন সমস্যা, অধিকাৰ আৰু উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। লগতে সকলো ৰাইজক একত্ৰিত হৈ অধিবেশনখন সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱা হয়।
সভাৰ অন্তত এখন শক্তিশালী আয়োজক সমিতি গঠন কৰাৰ লগতে বিভিন্ন দায়িত্ব প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular