39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeঅসমশিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ তীব্ৰ হুংকাৰঃউজনিত মিঞাক কাণত ধৰি পিটন দিয়াৰ সকীয়নি...

শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ তীব্ৰ হুংকাৰঃউজনিত মিঞাক কাণত ধৰি পিটন দিয়াৰ সকীয়নি চিতু বৰুৱাৰ, বৰ অসমৰ ভেটিত মিঞালেণ্ডৰ ষড়যন্ত্ৰ উফৰাই দিয়াৰ সংকল্প: উজনি অসমত মিঞা বিৰোধী অভিযানৰ হুংকাৰ

শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ তীব্ৰ হুংকাৰঃউজনিত মিঞাক কাণত ধৰি পিটন দিয়াৰ সকীয়নি চিতু বৰুৱাৰ, বৰ অসমৰ ভেটিত মিঞালেণ্ডৰ ষড়যন্ত্ৰ উফৰাই দিয়াৰ সংকল্প: উজনি অসমত মিঞা বিৰোধী অভিযানৰ হুংকাৰ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৬ মাৰ্চঃ শিৱসাগৰ প্ৰেছ ক্লাবত আজি এক সংবাদ মেল সম্বোধন কৰি ’জাতীয় সংগ্ৰামী সেনা, অসম’ৰ কেন্দ্ৰীয় নেতা চিতু বৰুৱাই কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত অবৈধ অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰে৷ সংবাদ মেলত চিতু বৰুৱাই উজনি অসমত মিঞাৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ সংবাদ মেলত চিতু বৰুৱাই কয়, “আগন্তক নিৰ্বাচনৰ সন্দৰ্ভত আমি জাতীয় সংগ্ৰামী সেনা অসমে কেইটামান কথা ক’ব বিচাৰিছোঁ৷ আমাৰ এটা কথা স্পষ্ট যে মিঞাক লগত লৈ এইখন অসমত নতুনকৈ বৰ অসম গঢ়াৰ সপোন আমি কোনো কাৰণতে কাৰ্যক্ষেত্ৰত পৰিণত হ’বলৈ দিব নোৱাৰোঁ আৰু আমি নিদিওঁ৷ স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে গঢ়ি থৈ যোৱা এই বৰ অসমৰ ভেটিত মিয়ালেণ্ড বনোৱাৰ ষড়যন্ত্ৰ উফৰাই দিয়া হ’ব৷ এইখন মাতৃভূমিত আমাৰ পূৰ্বপুৰুষৰ অৱদান আছে৷ এইখন অসম আমাৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰৰ পৈতৃক সম্পত্তি হয়৷ ইয়াত মিঞাৰ অৱদান নাই৷ মিঞাই গৈ বাংলাদেশত দম্ভালি মাৰক, কিন্তু অসমত নহ’ব৷ “নেতাগৰাকীয়ে উজনিত মিঞাৰ প্ৰৱেশক লৈ কঠোৰ সকীয়নি দি কয়, “আমাৰ স্থিতি স্পষ্ট— কোনো কাৰণতে এটাও মিঞা অসমত থাকিব নোৱাৰিব৷ আমি কোনো কাৰণতে মিঞাক থাকিবলৈ উজনিত সুবিধা নিদিওঁ৷ আৰু যি ব্যক্তিয়ে মিঞাৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, জাতিৰ স্বাৰ্থত প্ৰয়োজনত তেনে ব্যক্তিক কাণৰ ধৰাই আঁঠু কঢ়াই থোৱা হ’ব৷ এই মাতৃভূমিত কেৱলমাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব-আধিপত্য থাকিব লাগিব৷ ইয়াত মিয়াৰ দম্ভালি নচলিব৷ “ তেওঁ লগতে ৪ জুনৰ নিৰ্বাচনী ফলাফলৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি ‘মিঞা খেদাও’ অভিযান পুনৰ আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে৷ শেহতীয়াকৈ চৰ্চিত বিভিন্ন বিতৰ্কিত আৰু অপৰাধ কাৰ্যত লিপ্ত হৈ বাৰম্বাৰ ৰঙাঘৰৰ আলহী হৈ অভিলেখ সৃষ্টি কৰা তথা বাংলাদেশী ৰক্ষকৰ ভূমিকা পালন কৰা স্বয়ম্ভু নেতা তামোলীৰ মন্তব্যৰ সন্দৰ্ভত চিতু বৰুৱাই ক্ষোভ প্ৰকাশ কৰি কয়, “আহোম শব্দটো এটা পৱিত্ৰ শব্দ৷ বাংলাদেশী ৰক্ষকৰ ভূমিকা পালন কৰা স্বয়ম্ভু নেতা তামোলীয়ে আহোম শব্দটোক মিঞাৰ লগত যোগ দি কি বুজাব বিচাৰিছে? ছশ বছৰ আহোমে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া অসমত মিঞা নাছিল৷ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ— ভৱিষ্যতে যাতে কোনো কাৰণতে আহোম শব্দটোক মিঞাৰ লগত সংযোজন নকৰে, অন্যথা পৰিস্থিতি বেয়া কৰি দিয়া হ’ব৷ “ তেওঁ আৰু কয় যে এজন খিলঞ্জীয়া ভূমিপুত্ৰ হৈ খিলঞ্জীয়াৰ পক্ষত মাত মতাৰ পৰিৱৰ্তে অবৈধ নাগৰিকৰ পক্ষ লোৱাটো দুৰ্ভাগ্যজনক৷ জাতীয় সংগ্ৰামী সেনাৰ ধৰ্মীয় নিৰপেক্ষতাৰ কথা উল্লেখ কৰি বৰুৱাই কয়, “আমি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কোনো ব্যক্তিকে সমৰ্থন নকৰোঁ৷ আমাৰ কথা হৈছে যিসকল ব্যক্তি অবৈধ সংযোগযুক্ত নাগৰিক, সেইসকল ব্যক্তি হিন্দুৱেই হওক বা মুছলমানেই হওক অসমৰ পৰা যাব লাগিব৷ আমি বিগত সময়ছোৱাত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন কৰি ‘কা’ আন্দোলনৰ সময়ত জেল খাই থৈছোঁ৷ এতিয়া আমি অবৈধ মিঞাৰ বিৰুদ্ধে যুঁজ দিছোঁ৷ “​শিৱসাগৰত অনুষ্ঠিত এই সংবাদ মেলে এতিয়া সমগ্ৰ উজনি অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular