40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমশিলচৰত নাইজেৰিয়ান নাগৰিক সহ ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ

শিলচৰত নাইজেৰিয়ান নাগৰিক সহ ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ

শিলচৰত নাইজেৰিয়ান নাগৰিক সহ ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ

আফজল হোসেন বড়ভূঁইয়া , শিলচৰ ২৬ মাৰ্চ- কাছাৰ আৰক্ষীয়ে শিলচৰত নাইজেৰিয়াৰ এজন নাগৰিককে ধৰি মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰজত পালে জনোৱা মতে, বিদেশী নাগৰিকজন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। আজি তেওঁ সাংবাদিকৰ আগত কয়, ঘনিৱালা অঞ্চলৰ পৰা ৪৪ বছৰীয়া নাইজেৰিয়ান নাগৰিক ইমেকা এছাডোক গ্ৰেপ্তাৰ কৰা হয়। ঘনিৱালা অঞ্চলৰ এহাল দম্পতী, মিজোৰামৰ এগৰাকী মহিলা আৰু এজন স্থানীয় অটো চালকৰ সৈতে অটোৰিক্সাত যাত্ৰা কৰি আছিল। প্ৰাথমিক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিসকলক। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মিজোৰামৰ মহিলাগৰাকী ঘনিৱালা দম্পতীহালৰ চিনাকি আৰু দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁ নাইজেৰিয়ান নাগৰিকজনক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল। অৱশ্যে নাগৰিকজনে আন ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে। ধৃত লোক কেইজনৰ ভিতৰত আছে আইজলৰ‌ বাসিন্দা মালছাওমী ডাংগী (৪৬), ঘনিৱালাৰ টিংকু হাছান বৰভূঞা (৪১) আৰু তেওঁৰ পত্নী ৰোমিনা বেগম বৰভূঞা (৩৮)। অটো চালকজনকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাথমিক জেৰাৰ অন্তত পাঁচোজনক আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছে। নাইজেৰিয়ান নাগৰিকগৰাকীৰ হাতত ভাৰতত প্ৰৱেশৰ কোনো বৈধ নথি-পত্ৰ নাছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকক কেইবাবাৰো জেৰা কৰি আছে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চোৰাংচোৱা সংস্থাই। এই ঘটনাত কোনো ডাঙৰ গেং সংযোগ আছে নে নাই সেয়া তদন্ত অব্যাহত আছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular